একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ জানিলে আপুনিও হ’ব হতবাক। প্ৰশ্ন উঠিব কিমান দায়িত্বহীনতাত হ’ব পাৰে এনে এক অপৰাধ?

বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা
একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু
বালাভিটাত নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে এটা মছজিদৰ
মছজিদৰ প্ৰাংগণতে নিৰ্মাণ চলি আছিল শৌচালয়ৰ
শৌচালয়ৰ বাবে খন্দা গাঁতত পৰিল কণমানি আব্দুল আৰু আবুল
নিমিষতে নিঃশেষ হ’ল দুটি নিষ্পাপ শিশুৰ জীৱন

কাৰ ভুলত এই কান্দোনৰ ৰোল?
নিমিষতে নিঃশেষ হ’ল দুটি নিষ্পাপ শিশুৰ জীৱন?

এই ক্ৰন্দন কাতৰ পৰিৱেশ বৰপেটা ৰোডৰ বালাভিটাৰ। পৰ্দাত দেখি থকা এই ফটো দুখন আব্দুল হাবিব আৰু আবুল হকৰ। বয়স ৫ আৰু ৭ বছৰ। একেলগে খেলি ধূলি ডাঙৰ হোৱা ল’ৰা দুটা নোহোৱা হৈছিল বৃহস্পতিবাৰৰ বিয়লিৰে পৰা। বহু বিচাৰ খোঁচাৰ চলিল। দোকানলৈ ওলাই যোৱা দুই শিশুৰ চেণ্ডেল দুযোৰ দেখা গ’ল এইদৰে। এয়া বালাভিটাত নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা মছজিদৰ প্ৰাংগন। চেণ্ডেল ওপঙি থকা এই ঠাই ডোখৰত খন্দা হৈছিল শৌচালয় নিৰ্মাণৰ বাবে গাঁত। নেৰানেপেৰা বৰষুণৰ ফলত পানীৰে ভৰি আছিল গাঁতটো। বিহ্বল নিকট আত্মীয়ই জনালে কিদৰে ঘটি গ’ল অনাহুত এই ঘটনাটো।

প্ৰায় ৬ৰ পৰা ৭ ফুট দ এই গাঁত। ঘটনাৰ পিছতে দাবী উঠিছে সুৰক্ষাৰ বাবে দেৱাল নিৰ্মাণৰ।

নিমিষতে শেষ দুটা ফুল কোমল জীৱন। দুখন ঘৰত এতিয়া চকুপানীৰে বাট নেদেখা অৱস্থা। কান্দিছে কেৱল কান্দিছে।

পানীত ডুব গৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ২ শিশু
ততাতৈয়াকৈ নিয়া হ’ল বৰপেটা ৰোড FRU লৈ
কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে শিশু দুটিক


এই অভাৱনীয় ঘটনাটোৰ বাবে শোকস্তব্ধ এখন গাঁও, এটা অঞ্চল। স্থানীয় ৰাইজৰ দাবী, অতি ক্ষিপ্ৰতাৰে হওক সমাধান। কৰা হওক শীঘ্ৰতিশীঘ্ৰে সুৰক্ষাৰ ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...