উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল-অখিলেশ

অন্তিম পৰ্যায়ৰ ভোটলৈ সাজু শাসক-বিৰোধী।

উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাহুল-অখিলেশ

হিমাচলত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা

পঞ্জাবত AAPৰ হকে প্ৰচাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

অহা পহিলা জুনত অনুষ্ঠিত হ’বলগীয়া সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত হৈছে পৰিছে শাসক–বিৰোধী। মঙলবাৰে উত্তৰ প্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে। বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈ ৰাহুল গান্ধীয়ে কয় যে, বিজেপিৰ আমোলত নিপীড়িত হৈ আহিছে দলিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকল। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ হকে বিৰোধী মিত্ৰজোঁট যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু হৈছে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক সমালোচনা কৰি অনুৰূপ মন্তব্য কৰে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱেও। এইবাৰ দেশত বিৰোধী ইণ্ডিয়াৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে অখিলেশে। অনুৰূপ মন্তব্য কৰে আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱেও।

আনহাতে, হিমাচল প্ৰদেশত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে, বিজেপিয়ে এইবাৰ ৪০০ আসনৰ শ্ল’গান দি আহিছে যদিও এতিয়াও বিজেপিৰ নেতাৰ মুখত বন্ধ হৈ পৰিছে এই শ্ল’গান।

পঞ্জাবত মঙলবাৰে কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে। জলন্ধৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে কেজৰিৱালে।

অহা পহিলা জুনত দেশৰ ৮ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিজেপি–ইণ্ডিয়া উভয়ে উভয়ে চৰকাৰ গঠনৰ দাবী কৰি আহিছে যদিও ই নিশ্চিত হ’ব অহা ৪ জুনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ গুৱাহাটী যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...