বিপদ নিশ্চিত সংগীতা দত্ত, ৱালিউল ইছলামৰ!

বিপদ নিশ্চিত সংগীতা দত্ত, ৱালিউল ইছলামৰ। POCSO আদালতত মঙলবাৰৰ পৰা আৰম্ভ ছাৰ্জফ্ৰেম। আদালতত ২ শিশুৰ জবানবন্দী লিপিবদ্ধ। শিশু নিৰ্বাচনৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত ডাঃ সংগীতা দত্ত আৰু স্বামী ৱালিউল ইছলাম। সমগ্ৰ শিশু নিৰ্যাতনৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ সম্প্ৰতি জে’লত থকা ৫ অভিযুক্তৰ বিৰুদ্ধে বিচৰাধীন গোচৰটোৰ অভিযোগ নিৰ্দিষ্টকৰণৰ পৰ্যায়ত উপনীত হৈছে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশৰ (শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা চমুকৈ প’কছ’) আদালতত চলি থকা গোচৰটোৰ মঙলবাৰৰ পৰা অভিযুক্তৰ বিৰুদ্ধে অভিযোগ নিৰ্ধাৰণৰ বাবে আৰম্ভ হ’ল শুনানি। ১৫ মে’, ২০২৩। কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৱালিউল ইছলামক। ২০ মে’, ২০২৩। কাৰাগাৰত সোমাইছিল মনৰোগ বিশেষজ্ঞ সংগীতা দত্ত। প্ৰায় এবছৰে জেইলত গীত গাই, গীটাৰ বজাই সময় অতিবাহিত কৰিছে সংগীতা–ৱালিউলে। গীতা, কোৰাণ পঢ়ি পাপ খণ্ডন কৰাৰ প্ৰচেষ্টা সংগীতা–ৱালিউলৰ। মনোৰোগ বিশেষজ্ঞ সংগীতাক জে’লৰ ভিতৰত মনোৰোগ বিশেষজ্ঞই চিকিত্সা প্ৰদান কৰিছে। ২ তোলনীয়া পুত্ৰ–কন্যাক আসুৰিক নিৰ্যাতন চলাই তৃপ্তি লাভ কৰিছিল সংগীতা–ৱালিউলে। প্ৰচণ্ড ৰ’দত চাদৰ ওপৰত সংগীতা–ৱালিউলে হাতৃ–ভৰি বান্ধি ৰাখিছিল এটি কণমানি শিশুক। আনকি দুই শিশুক বমি খাবলৈ দিছিল সংগীতা–ৱালাউলে। কন্যা শিশুৰ যৌনাংগত গৰম ইস্ত্ৰি লগাই দিছিল তথাকথিত মনোৰোগ বিশেষজ্ঞ গৰাকীয়ে। আদালতত ইতিমধ্যে জবানবন্দী দিছে দুই শিশুৱে। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুই বনকৰা মহিলা লক্ষী ৰায়, কাকয়া কে নংগ্ৰাম আৰু দুই শিশুক তুলি লোৱাত সহায় কৰা উৎপলা বসুক। এই অভিযুক্তৰ বিৰুদ্ধে সেই গোচৰটোৰ চাৰ্জফ্ৰেম আৰম্ভ হ’ল আদালতত। তদন্তকাৰী বিষয়াই গোচৰ সংক্ৰান্তীয় বিভিন্ন ফৰেণছিক পৰীক্ষাৰ প্ৰতিবেদন আদালতত জমা দিছে।  ৫ অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা ফৰেণছিক পৰীক্ষা আৰু অন্যান্য নথি–পত্ৰ বিচাৰি জনোৱা আবেদন আদালতে ইতিমধ্যে মঞ্জুৰ কৰাৰ পিছত মঙলবাৰৰ পৰা গোচৰটোত অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰিব লগা অভিযোগৰ ধাৰা নিৰ্ধাৰণ (চাৰ্জফ্ৰেম)ৰ বাবে শুনানি চলিব। পৰৱৰ্তী সময়ত আদালতে কি ৰায় দিয়ে সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...