অন্তিম পৰ্যায়ৰ ভোটৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অহা পহিলা জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মঙলবাৰে ঝাৰখণ্ডৰ লগতে পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট INDIAৰ নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয়। পশ্চিমবংগৰ বাৰাছতত এক নিৰ্বাচনী সভাত ভাষণ দি মোদীয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰে বিভিন্ন অভিযোগ। TMCএ সত্যক মানি ল’ব নোখোজে বুলি অভিযোগ কৰি মোদীয়ে কয় যে TMCৰ একাংশ নেতাই হিন্দুসকলক ভাগিৰথী নৈত উটুৱাই দিব লাগে বুলি মন্তব্য কৰিছিল। বিভিন্ন মহলে এই মন্তব্যৰ বিৰোধিতা কৰাৰ পিছতে তৃণমূল কংগ্ৰেছে ইয়াক মানি ল’ব খোজা নাছিল বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে ভোট বেংকৰ স্বাৰ্থতে TMCএ এনে কাৰ্যত লিপ্ত হৈ আহিছে। ভোট জেহাদৰ বাবে তৃণমূলৰ দৰে একাংশ ৰাজনৈতিক দলে যিকোনো পৰ্যায়লৈ নামিবলৈ কুণ্ঠাবোধ নকৰে বুলি মন্তব্য কৰে মোদীয়ে। বিদত ১০ বছৰত তেওঁ কোনো দুৰ্নীতিত লিপ্ত হোৱা নাই বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত সময়ছোৱাত দেশবাসীৰ বাবে তেওঁ বিভিন্ন গেৰাণ্টী দি আহিছে। এইবাৰ আন এক গেৰাণ্টী দিবলৈ মোদী সাজু হোৱা বুলি উল্লেখ কৰি মোদীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ নিজেও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে আৰু আনকো দুৰ্নীতি কৰাৰ সুযোগ নিদিয়ে। দুৰ্নীতিত লিপ্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে মোদীয়ে। আনহাতে ঝাৰখণ্ডত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ বিৰুদ্ধে মোদীয়ে কয় যে বিজেপি চৰকাৰৰ পূৰ্বে কংগ্ৰেছৰ শাসনত অতিষ্ঠ হৈ পৰিছিল দেশবাসী। দৰিদ্ৰ লোকৰ নামত কংগ্ৰেছে কেৱল লুণ্ঠন চলাই অহা বুলিহে অভিযোগ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

অন্তিম পৰ্যায়ৰ ভোটৰ বাবে প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ঝাৰখণ্ড, পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত মোদী
কংগ্ৰেছ, TMCক তুলাধুনা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
‘TMCয়ে সত্যক মানি ল’ব নোখোজে’
‘ভোট বেংকৰ স্বাৰ্থত কাম কৰি আহিছে TMCএ’
‘ভোট জেহাদৰ বাবে যিকোনো পৰ্যায়লৈ নামিবলৈ সাজু TMC’
কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰীয়ে
‘কংগ্ৰেছৰ শাসনত অতিষ্ঠ হৈ পৰিছিল দেশবাসী’
‘দৰিদ্ৰ লোকৰ নামত লুণ্ঠন চলাই আহিছিল কংগ্ৰেছে’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...