সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত

সাগৰীয় ঘূৰ্ণী ৰিমালে সংহাৰ চলাইছে পশ্চিমবংগসহ উত্তৰ পূবত। মিজোৰাম আৰু মনিপুৰতো বিস্তৰ ক্ষতি কৰিছে ৰিমালে। আইজলত ভূমিস্খলনত নিহত কমেও ১৫ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। মনিপুৰত পানীৰ ধলে চিঙি নিলে পথ।

‘ৰিমাল’ৰ সংহাৰ
আইজলত ভূমিস্খলনত নিহত কমেও ১৫
আইজল চহৰৰ সমীপতে পুৱাতে হাহাকাৰ
খহি আহিল পাৰ্বত্য অঞ্চলত থকা শিলৰ কোৱেৰী
বোকা–শিল–বালিৰে পুতি পেলালে এটা অঞ্চল
তছনছ মনিপুৰৰ বিস্তীৰ্ণ এলেকা
পানীৰ ধলে খহোৱা পথৰ পৰা খাৱৈত পৰিল ট্ৰাক

কেইটামান ঘণ্টাৰ ভিতৰতে সাগৰীয় ঘূৰ্ণী ৰিমালে ধ্বংসলীলা চলালে উত্তৰ পূবত। মনিপুৰ আৰু মিজোৰামত সংহাৰী ৰূপ ল’লে ৰিমালে। কেমেৰাত বন্দী হ’ল শিহৰণকাৰী দৃশ্য।

আইজল চহৰৰ সমীপতে পুৱাতে হাহাকাৰ
খহি আহিল পাৰ্বত্য অঞ্চলত থকা শিলৰ কোৱেৰী
বোকা–শিল–বালিৰে পুতি পেলালে এটা অঞ্চল

পোন্ধৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু বহুকেইগৰাকী শিল বোকাৰ মাজত সোমাই থকাৰ সন্দেহ কৰা হৈছে। দুজন জীৱন্তে উদ্ধাৰ হৈছে। চলি আছে উদ্ধাৰ অভিযান। প্ৰতিকূল বতৰৰ বাবে ব্যাহত হৈছে অভিযান। ইফালে মনিপুৰতো ৰিমালে সংহাৰ চলাইছে। প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা পানীৰ ঢলে চিঙিলে ইস্ফল–জিৰিবাম হাইৱে’। পথ ভাগি যোৱাৰ ফলত পথৰ মাজতে আৱদ্ধ হৈ পৰা এখন মালভৰ্তি ট্ৰাক বাগৰি পৰিল দ খাৱৈত।

পানীৰ ঢলে ইম্ফল–জিৰিবাম হাইৱে’ সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি পেলালে। ইয়াৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে।

মিজোৰামত ভূমিস্খলনত ১৫ গৰাকী নিহত হোৱাৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। মিজোৰাম চৰকাৰে আপতকালীন সেৱাৰ বাবে ১৫ কোটিৰ আৱণ্টন দিয়াৰ লগতে নিহতৰ আত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। মিজোৰামত ভূমিস্খলনত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে ৰাষ্ট্ৰপতি, উপ:ৰাষ্ট্ৰপতিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...