আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ

আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ

ৰাজস্থান ৰয়েলছ আৰু এইচ এম ডিৰ যৌথ প্ৰচেষ্টাত অনলাইন প্ৰতিযোগিতা

নতুন দিল্লী, ১৮ মে’ : ৰাজস্থান ৰয়েলছে চলিত আই পি এলত কাইলৈ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অন্তিমখন লীগ মেচত অংশ ল’ব৷ বৰ্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে ইতিমধ্যে প্লে-অফলৈ যোগ্যতা নিশ্চিত হৈছে৷ উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰয়েলছে প্লে-অফ মেচত অংশ ল’ব৷ অৱশ্যে দলৰ বিপক্ষ তথা প্লে-অফ খেলৰ দিন এতিয়াও নিশ্চিত হোৱা নাই৷ কাইলৈ গুৱাহাটীত হ’বলগা চলিত আই পি এলৰ অন্তিমখন লীগ মেচৰ ফলাফলৰ পাছতহে সেয়া নিৰ্ণয় হ’ব৷

ইফালে, প্লে-অফ মেচত ৰাজস্থান ৰয়েলছে দলটোৰ অনুৰাগীৰ বাবে অনলাইনত মেগা প্ৰতিযোগিতা আৰম্ভ কৰিছে৷ এই প্ৰতিযোগিতাৰ সৌভাগ্যবান বিজয়ীক দলটোৱে প্লে-অফ মেচখন উপভোগ কৰাৰ বাবে আহমেদাবাদলৈ নিব৷ অহা-যোৱা তথা থকা-খোৱা খৰছ দলেই বহন কৰিব৷ আনহাতে, ৰয়েলছৰ ক্ৰিকেটাৰৰ লগত মত বিনিময় কৰাৰ সুযোগো লাভ কৰিব প্ৰতিযোগিতাৰ বিজয়ী অনুৰাগীয়ে৷

স্মৰ্তব্য যে ৰাজস্থান ৰয়েলছৰ অফিচিয়েল পাৰ্টনাৰ এইচ এম ডিৰ দ্বাৰা দলটোৰ সমৰ্থকৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ এই মেগা প্ৰতিযোগিতাখনৰ লক্ষ্য হৈছে ৰয়েলছৰ সমৰ্থকসকলক দলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰা তথা অনুৰাগীৰ অতুলনীয় সমৰ্থন প্ৰদৰ্শন কৰাৰ বিনিময়ত মেগা পুৰস্কাৰ লাভৰ সুযোগ দিয়া৷ তিনিগৰাকী অনুৰাগীক এই পুৰস্কাৰ দিয়া হ’ব৷ ইফালে, এইচ এম ডিয়ে ঘোষণা কৰিছে যে অন্য¸ চাৰিজন ভাগ্যৱান বিজয়ীয়ে এইচ এম ডি স্মাৰ্টফোন জয় কৰাৰ সুযোগো লাভ কৰিব৷

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী অনুৰাগীয়ে কেৱল হোৱাটছএপৰ জৰিয়তে ৯১৫২৯৭৪২৫০ নম্বৰত ‘পিংক’ [গোলাপী] লিখি প্ৰেৰণ কৰিব লাগিব বা এই লিংকটো https://wa.me/message/HUBDL4GBDARBC1 অনুসৰণ কৰিব লাগিব৷ অনুৰাগীসকলে ‘পিংক ৰয়েল’ ৰ সৈতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ শ্ৰেষ্ঠ গোলাপী ফটো শ্বেয়াৰ কৰি তথা ৰাজস্থান ৰয়েলছৰ অফিচিয়েল হেণ্ডেল টেগ কৰিও নিজৰ জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ এই অনলাইন প্ৰতিযোগিতাখন অহা ১৯ মে’ৰ মাজনিশালৈকেহে সক্ৰীয় হৈ থাকিব৷ ফ্ৰেঞ্চাইজি আৰু প্ৰতিযোগিতাৰ প্ৰযোজ্য চৰ্ত আৰু নিয়মৰ অধীনত ভাগ্যৱান বিজয়ীসকলক নাম ঘোষণা কৰা হ’ব৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...