আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ

আহমেদাবাদত বিনামূলীয়াকৈ প্লে-অফ মেচ উপভোগ কৰাৰ সুযোগ অনুৰাগীৰ

ৰাজস্থান ৰয়েলছ আৰু এইচ এম ডিৰ যৌথ প্ৰচেষ্টাত অনলাইন প্ৰতিযোগিতা

নতুন দিল্লী, ১৮ মে’ : ৰাজস্থান ৰয়েলছে চলিত আই পি এলত কাইলৈ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অন্তিমখন লীগ মেচত অংশ ল’ব৷ বৰ্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে ইতিমধ্যে প্লে-অফলৈ যোগ্যতা নিশ্চিত হৈছে৷ উল্লেখ্য যে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰয়েলছে প্লে-অফ মেচত অংশ ল’ব৷ অৱশ্যে দলৰ বিপক্ষ তথা প্লে-অফ খেলৰ দিন এতিয়াও নিশ্চিত হোৱা নাই৷ কাইলৈ গুৱাহাটীত হ’বলগা চলিত আই পি এলৰ অন্তিমখন লীগ মেচৰ ফলাফলৰ পাছতহে সেয়া নিৰ্ণয় হ’ব৷

ইফালে, প্লে-অফ মেচত ৰাজস্থান ৰয়েলছে দলটোৰ অনুৰাগীৰ বাবে অনলাইনত মেগা প্ৰতিযোগিতা আৰম্ভ কৰিছে৷ এই প্ৰতিযোগিতাৰ সৌভাগ্যবান বিজয়ীক দলটোৱে প্লে-অফ মেচখন উপভোগ কৰাৰ বাবে আহমেদাবাদলৈ নিব৷ অহা-যোৱা তথা থকা-খোৱা খৰছ দলেই বহন কৰিব৷ আনহাতে, ৰয়েলছৰ ক্ৰিকেটাৰৰ লগত মত বিনিময় কৰাৰ সুযোগো লাভ কৰিব প্ৰতিযোগিতাৰ বিজয়ী অনুৰাগীয়ে৷

স্মৰ্তব্য যে ৰাজস্থান ৰয়েলছৰ অফিচিয়েল পাৰ্টনাৰ এইচ এম ডিৰ দ্বাৰা দলটোৰ সমৰ্থকৰ বাবে এই পদক্ষেপ লোৱা হৈছে৷ এই মেগা প্ৰতিযোগিতাখনৰ লক্ষ্য হৈছে ৰয়েলছৰ সমৰ্থকসকলক দলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰা তথা অনুৰাগীৰ অতুলনীয় সমৰ্থন প্ৰদৰ্শন কৰাৰ বিনিময়ত মেগা পুৰস্কাৰ লাভৰ সুযোগ দিয়া৷ তিনিগৰাকী অনুৰাগীক এই পুৰস্কাৰ দিয়া হ’ব৷ ইফালে, এইচ এম ডিয়ে ঘোষণা কৰিছে যে অন্য¸ চাৰিজন ভাগ্যৱান বিজয়ীয়ে এইচ এম ডি স্মাৰ্টফোন জয় কৰাৰ সুযোগো লাভ কৰিব৷

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী অনুৰাগীয়ে কেৱল হোৱাটছএপৰ জৰিয়তে ৯১৫২৯৭৪২৫০ নম্বৰত ‘পিংক’ [গোলাপী] লিখি প্ৰেৰণ কৰিব লাগিব বা এই লিংকটো https://wa.me/message/HUBDL4GBDARBC1 অনুসৰণ কৰিব লাগিব৷ অনুৰাগীসকলে ‘পিংক ৰয়েল’ ৰ সৈতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ শ্ৰেষ্ঠ গোলাপী ফটো শ্বেয়াৰ কৰি তথা ৰাজস্থান ৰয়েলছৰ অফিচিয়েল হেণ্ডেল টেগ কৰিও নিজৰ জয়ৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ এই অনলাইন প্ৰতিযোগিতাখন অহা ১৯ মে’ৰ মাজনিশালৈকেহে সক্ৰীয় হৈ থাকিব৷ ফ্ৰেঞ্চাইজি আৰু প্ৰতিযোগিতাৰ প্ৰযোজ্য চৰ্ত আৰু নিয়মৰ অধীনত ভাগ্যৱান বিজয়ীসকলক নাম ঘোষণা কৰা হ’ব৷

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...