প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কৰ ওৰ পৰিলনে?

দীৰ্ঘদিনে প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে। বিশেষভাৱে ‘আপে’ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন প্ৰশ্ন অৱতাৰনা কৰে। বাৰানসীৰ পৰা এইবাৰ পুনৰ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। দিল্লী বিশ্ব বিদ্যালয়ৰপৰা বি.এ. আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লোৱাৰ তথ্য দাখিল কৰিছে শপতনামাত। এইবাৰ কি স্থিতি লৈছে বিৰোধীয়ে?

শপতনামাত উল্লেখ কৰা মোদীৰ ‘ডিগ্ৰী’ক লৈ বিৰোধীত কি প্ৰতিক্ৰিয়া?
মোদীক ‘নিৰক্ষৰ’ বুলি কোৱা কেজৰিয়াল নিমাত

বিশাল ৰোড শ্ব’, জনসভাৰে মঙলবাৰে বাৰাণসীত মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মনোনযনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰা শপতনামাত সম্পতিৰ তালিকাৰ পৰা শিক্ষাগত অৰ্হতা লৈ সকলো তথ্য উল্লেখ কৰা হৈছে।

সেই মৰ্মে দিল্লী বিশ্ববিদ্যালয়ৰ ‍‍B.A.আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ M.A. মোদী
দূৰ সংযোগী পাঠ্যক্ৰমেৰে মোদীয়ে লৈছে এই উচ্চ শিক্ষাৰ ডিগ্ৰী

২০১৯ৰ লোকসভা নিৰ্বাচনতো দাখিল কৰা হৈছিল এই অনুৰূপ তথ্য। কিন্তু এই লৈ আম আদমী পাৰ্টীয়ে সূত্ৰপাত কৰিছিল বিতৰ্কৰ। প্ৰধানমন্ত্ৰীক সন্দেহৰ আবৰ্তত সুমুৱাই আপে আৰম্ভ কৰিছিল শিক্ষাগত আৰ্হতা প্ৰদৰ্শনৰ কেম্পেইন। কেজৰৱাল কাষ চাপিছিল গুজৰাট উচ্চ ন্যায়ালয়ৰ। অৱশ্যে অদালতে নাকচ কৰিছিল কেজৰিৱালৰ আৱেদন। ইয়াৰো পূৰ্বে মোদীৰ ডিগ্ৰীক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আগবাঢ়ি আহিছিল অমিত শ্বাহ, অৰুণ জেটলী। এইবাৰ অৱশ্যে প্ৰধানমন্ত্ৰী উল্লেখ কৰা শিক্ষাগত অৰ্হতাক লৈ নিমাত কেজৰিয়াল। একাংশই অৱশ্যে প্ৰধানমন্ত্ৰীৰ শপতনামাৰ লগতে ৰাহুল গান্ধীয়ে বিদেশত পঢ়া–শুনা কৰা প্ৰমাণ পত্ৰবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...