লখিমপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানত জনসমুদ্ৰ

লখিমপুৰ ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মোহাচ্ছন্ন কৰিলে জুবিনে। মন যায় গীতেৰে সংগীতানুষ্ঠানৰ আৰম্ভণি। জুবিনে মঞ্চলৈ মাতিলে অভিনেত্ৰী নিশিতা গোস্বামীক। জুবিনৰ লগত একেলগে গীত গালে নিশিতাই। দুয়ো মনত পেলালে পুৰণি কথা। গীতৰ মাজে-মাজে জুবিনৰ ৰসিকতা।

লখিমপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানত জনসমুদ্ৰ
মঞ্চতেই নিশিতা গোস্বামীৰ সৈতে জুবিনৰ ধেমালি
কণ্ঠশিল্পী শতাব্দীৰে যুগলবন্দীৰে সুৰীয়া নিশা

লখিমপুৰ ত্ৰয়োদশ বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহুত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পিছত সিটো জনপ্ৰিয় গীতেৰে জুবিনে মুহিলে হাজাৰ হাজাৰ দৰ্শকক। মন যায় গীতেৰে জুবিনে আৰম্ভ কৰিলে অনুষ্ঠান। সেই সময়তে উপস্থিত আছিল মন যায়ৰ অভিনেত্ৰী নিশিতা গোস্বামীও। নিশিতাক মঞ্চলৈ মাতিলে জুবিনে। উঠি আহিল। মাইকটো নিশিতালৈ আগবঢ়াই দি জুবিনে কলে গা। জুবিনৰ লগতে গুণগুণালে নিশিতাই।

মন যায় ছবিখনৰ কথা সুঁৱৰিলে জুবিন নিশিতাই। তাৰ পাছত ইটোৰ পাছত সিটো জনপ্ৰিয় গীত জুবিনৰ কণ্ঠত। লখিমপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ এই অনুষ্ঠানত জুবিনৰ গীতৰ তালে তালে নাচিলে হাজাৰ হাজাৰ অনুৰাগীয়ে। ড্ৰোন কেমেৰাত আবদ্ধ জনসমাগমৰ মন ভৰি যোৱা দৃশ্য।

গীতৰ মাজে মাজে জুবিনৰ ৰসিকতা। পকী দলং হ’লেও মাজুলী, যোৰহাটলৈ ফেৰীৰেহে পাৰা-পাৰ হ’ব জুবিন। ফেৰী যাত্ৰাতহে জুবিনে পায় মাজুলীলৈ যোৱাৰ আচল মাদকতা। উপস্থিত ৰাইজক ক’লে জুবিনে।

ব’হাগ যাবৰে হ’ল। কিন্তু এতিয়াও অন্ত পৰা নাই ৰঙালীৰ উছাহ। ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈ আছে বিহুৰ সংগীতানুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত ওৰে নিশা নাচি-বাগি মচগুল হৈছে অসমৰ জনতা। জুবিন গাৰ্গৰো ইঠাইৰ পাছত সিঠাইত সংগীতানুষ্ঠান। লখিমপুৰত শান্ত সমাহিত ৰূপত সংগীতানুষ্ঠান সমাপ্ত কৰিলে জুবিনে। মঞ্চত গীতৰ বাদে জুবিনৰ নাছিল কোনো বিতৰ্কিত মন্তব্য। অন্য ৰূপত জুবিনে লখিমপুৰত উপহাৰ দিলে সংগীতানুষ্ঠান । ৯ মে’ৰ পৰা তিনিদিনীয়কৈ আয়োজন কৰা লখিমপুৰ কেন্দ্রীয় ৰঙালী উৎসৱৰ অন্তিম দিনা জুবিনৰ সুৰৰ মায়াজাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...