ৰাজ্যত পুনৰ বুকু কঁপাই যোৱা জঘন্য ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে বুকু কঁপাই যোৱা জঘন্য ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ। পুত্ৰই নিজ হাতেৰে জীৱন্তে জ্বলাই দিলে মাতৃক। আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত সংঘটিত হৈছে এই নৃশংস কাণ্ড। পাষাণ পুত্ৰৰ নাম মানস গগৈ। নৃশংসতাৰ বলি হ’ল মাতৃ বীণা গগৈ। ৬০ বছৰীয়া মাতৃক চোতালতে খৰি জাপি জ্বলাই দিলে পুত্ৰই। শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা। ইতিমধ্যে আমগুৰি আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ মানস গগৈক। দীৰ্ঘদিন ধৰি কুলাংগাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল। অত্যধিক মদ্যপান কৰি মাতৃক চলাইছিল নিৰ্যাতন। এই ঘটনাৰ পিছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে। আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...