তিনি জুলাইৰ পৰা বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ক্ৰিকেট

অহা তিনি জুলাইৰ পৰা ব্ৰিটেইনৰ বাৰ্মিংহামত আৰম্ভ হ’ব বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ ক্ৰিকেট৷ প্ৰতিযোগিতাত অংশ ল’ব ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজসহ মুঠ ছটা দলে৷ যুৱৰাজ সিং, শ্বাহিদ আফ্ৰিদি, ব্ৰেট লী, ইয়ান বেল, ডেৰেন ছেমীৰ দৰে কিংবদন্তি খেলুৱৈয়ে প্ৰতিযোগিতাখনত খেলিব৷ ইফালে, ইজমাইট্ৰিপ ভ্ৰমণ পতিষ্ঠানটোৱে বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ অংশীদাৰ হিচাপে প্ৰতিযোগিতাত জড়িত হৈছে বুলি ব্যক্ত কৰিছে স্বত্বাধিকাৰী নিশান্ত পিট্টীয়ে৷

এই সম্পৰ্কত তেওঁ কয় ‘আমি বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অংশীদাৰ হ’বলৈ পাই আনন্দিত হৈছো৷ এই সহযোগিতাই ক্ৰীড়াৰ উৎকৰ্ষতাক সমৰ্থন কৰা আৰু বিশ্বজুৰি ক্ৰিকেট অনুৰাগীসকলক অতুলনীয় অভিজ্ঞতা প্ৰদানৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিব৷’ উল্লেখ্য যে প্ৰতিযোগিতাত ভাৰতৰ সুৰেশ ৰাইনা, হৰভজন সিং আদিৰ দৰে ক্ৰিকেটাৰে অংশ লোৱাৰ লগতে বলীউডৰ অভিনেতা অজয় দেৱগনেও প্ৰচাৰত জড়িত হ’ব বুলি কয় মুখ্য কাৰ্যবাহী বিষয়া হৰ্ষিত টোমাৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...