গোলাঘাটত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা

0 673

গোলাঘাটত দিন দুপৰতে ভয়ংকৰ ঘটনা। বাবা শ্যাম নামৰ এজন লোকক গুলীয়াই আহত কৰিলে আৰক্ষীয়ে। প্ৰতিবেশী সঞ্জীৱ বৰা নামৰ এজন লোক আৰু তেওঁৰ পৰিয়ালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বাবা শ্যামে। উন্মাদপ্ৰায় লোকজনে অন্য প্ৰতিবেশীৰ ঘৰ দুৱাৰো ভাঙি লণ্ডভণ্ড কৰে। পৰিস্থিতি বিষম যেন দেখি স্থানী ৰাইজে আৰক্ষীক খবৰ দিয়ে যদিও ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো আক্ৰমণ কৰে বাব শ্যাম নামৰ লোকজনে। এটা সময়ত সংযম হেৰুৱাই গুলীচালনা কৰে আৰক্ষীয়ে। সম্প্ৰতি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ICUত চিকিৎসাধীন আৰক্ষীৰ গুলীত আহত বাবা শ্যাম।

আৰক্ষীৰ গুলী
দিন দুপৰতে গোলাঘাটত চাঞ্চল্যকৰ ঘটনা
এজন উন্মাদপ্ৰায় লোকক বশ কৰিবলৈ আৰক্ষীৰ গুলী
গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰালে আৰক্ষীয়ে

সম্প্ৰতি ICUত চিকিৎসাধীন বাবা শ্যাম

কথমপি প্ৰাণ ৰক্ষা পৰিছে ৪০ উৰ্ধৰ লোকজনৰ
এটা গুলীয়ে আঘাত কৰিছে বাবা শ্যামৰ মুখমণ্ডলত

তাৰ পূৰ্বে গোলাঘাটৰ কুমাৰপট্টীত মানসিকভাৱে অস্থিৰ বাবা শ্যাম নামৰ লোকজনে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল। দা-কুঠাৰ-চিপৰাং লৈ ইজনৰ পিছত সিজনক আক্ৰমণ বাবা শ্যামৰ। এইজন গোলাঘাট কুমাৰপট্টীৰ সঞ্জীৱ বৰা। প্ৰথমে সঞ্জীৱ বৰাৰ পত্নীক হাৰাশাস্তি কৰি আছিল লোকজনে। সেই সময়ত সঞ্জীৱ বৰা ঘৰত নাছিল। পত্নীৰ পৰা খবৰ পাই ঘৰলৈ আহি সঞ্জীৱ বৰাই দেখে বাবা শ্যাম নামৰ লোকজনে আক্ৰমণ কৰি তেওঁৰ ঘৰো লণ্ডভণ্ড কৰিছে। বাধা দিবলৈ যাওঁতে সঞ্জীৱ বৰাক বুকুত চিপৰাঙেৰে আক্ৰমণ শ্যামৰ।

কেৱল সঞ্জীৱ বৰা আৰু তেওঁৰ পত্নীয়ে নহয় প্ৰতিবেশী অন্য লোকৰ ঘৰতো দা-কুঠাৰ-চিপৰাঙেৰে আক্ৰমণ উন্মাদপ্ৰায় বাবা শ্যামৰ। ঘটনা বিষম যেন দেখি অতিষ্ঠ হৈ আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে।

কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আৰক্ষী। তেতিয়ালৈ প্ৰায় অনিয়ন্ত্ৰিত হৈ পৰিছিল গোলাঘাট কুমাৰপট্টীৰ পৰিস্থিতি। উন্মাদপ্ৰায় চল্লিশোৰ্ধ লোকজনক আটক কৰিবলৈ যাওঁতে আৰক্ষীকো আক্ৰমণ কৰে বাবা শ্যামে। শ্যামৰ আক্ৰমণত আহত হয় পুলকমণি কছাৰী আৰু অৰূপ বৰদলৈ নামৰ দুই আৰক্ষী জোৱান। এটা সময়ত সংযম হেৰুৱাই পেলায় আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাবা শ্যামলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। এটা গুলী শূন্যলৈ যায় যদিও আন এটা গুলীয়ে জখম কৰে বাবা শ্যামৰ মুখমণ্ডলত। কিন্তু আৰক্ষীৰ সংযমহীনতাক লৈ প্ৰশ্ন শ্যামৰ মাতৃৰ।

অকস্মাতে হোৱা এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে। গুলীচালনাৰ পিছতে থিতাতে ঢলি পৰা শ্যামক চিকিৎসালয়লৈ নিয়ে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি চৌদিশে বিৰাজ কৰে চেপা উত্তেজনাই। ইতিমধ্যেই সৰু-সুৰা বহু কাণ্ডতেই অভিযুক্ত বাবা শ্যাম।ইতিমধ্যেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাট আৰক্ষীয়ে। পূৰ্বৰো বহু সৰুসুৰা ঘটনাৰ অভিযুক্ত বাবা শ্যাম। সম্প্ৰতি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ICUত ভৰ্তি বাবা শ্যামৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.