প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা। গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বাণিজ্যিক বাহন নিষিদ্ধ। ডি জি ৰোড, এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত নিষেধাজ্ঞা। আবেলি ৩ বজাৰ পৰা ১০ বজালৈ চলিব নোৱাৰিব বাণিজ্যিক বাহন। ধীৰ গতিৰ বাহন, ঠেলা গাড়ীও নিষিদ্ধ এই সময়ছোৱাত। বিমানবন্দৰৰ পৰা খানাপাৰালৈ চলা চিটী বাছ হ’ব নিয়ন্ত্ৰিত। ABC পইণ্টৰ পৰা বিধানসভাৰ ৰ’টাৰীলৈ ৪ বজাৰ পৰা মুকলি থাকিব এটা লে’ন। আনটো লে’নেৰে পাৰ কৰা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়। এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব। বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেদি খানাপাৰালৈ বাহনৰ যাতায়াত হ’ব নিয়ন্ত্ৰিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...