আগ্রাসী মনােভাৱেৰে ক’ভিড পৰীক্ষা চলাই নিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেন্সযােগে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে সাম্প্রতিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয়। জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয়ৰ সভাকক্ষৰ পৰা এই ভাচুৱেল বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ক’ভিড সংক্ৰমণৰ নিম্নমুখী ধাৰা বৰ্তাই ৰখাৰ বাবে আগ্রাসী মনােভাবেৰে ক’ভিড পৰীক্ষা আৰু টীকাকৰণ কাৰ্যসূচী চলাই নিবলৈ জিলা প্রশাসনসমূহক আহ্বান জনায়। ৰাজ্যখনৰ সৰু চহৰ আৰু পৌৰ এলেকাসমূহত টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভিতৰুৱা অঞ্চলসমূহত কভিডৰ সংক্রমণ প্রতিৰােধৰ দিশত ই যথেষ্ট সহায়ক হ’ব। জিলাসমূহত টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে সকলাে লােককে সামৰি লােৱাৰ পদক্ষেপ গ্রহণ বাবে উপায়ুক্তসকলক আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই ১০০ শতাংশ টীকাকৰণত উপনীত হ’ব পৰাকৈ জিলা ভিত্তিক কৌশল যুগুত কৰিবৰ বাবে উপায়ুক্তসকলক নির্দেশ দিয়ে। এই ক্ষেত্ৰত অহা দিনসমূহত ভেকচিনৰ কোনােধৰণৰ নাটনি নহয় বুলি তেওঁ আশ্বাস প্রদান কৰে। ক’ভিড পজিটিভ ৰােগীৰ সংখ্যাৰ ভিত্তিত নিজ নিজ জিলাসমূহৰ স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অনুসাৰে অগ্ৰাধিকাৰৰ ভিত্তিত ভেকচিন প্রদান পদক্ষেপ ল’বলৈও তেওঁ উপায়ুক্তসকলক নির্দেশ দিয়ে। দিব্যাংগ, শিশু, স্তনপান কৰাই থকা মহিলাসকলৰ দৰে স্পর্শকাতৰ লােকসকলক সংক্রমিত হােৱাৰ আশংকা দূৰীকৰণৰ বাবে ইতিমধ্যে টীকাকৰণৰ পৰা বাদ পৰি যােৱা অংগনাৱাড়ী কর্মী আৰু সহায়িকাসকলকো সােনকালে ভেকচিন প্রদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ক’ভিড সংক্ৰমণৰ হাৰ অধিক হ্রাস কৰাৰ স্বাৰ্থত সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াতৰ দৰে নিষেধাজ্ঞাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। পজিটিভ ৰােগীৰ হাৰ হ্রাস পােৱাৰ ফলত যিসমূহ জিলাত বাধা নিষেধসমূহ কিছু ৰেহাই দিয়া হৈছে, তাত যাতে এই সুযােগৰ অপব্যৱহাৰ নহয় তাৰ বাবে জনতাৰ সমাগম ৰােধৰ স্বাৰ্থত ১৪৪ ধাৰা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...