DSC ফুটবলৰ শ্বিলং লেগৰ খিতাপ দখল ‘ফুটবল ফ’ৰ চেঞ্জ’ৰ

ফুটবল ফ’ৰ চেঞ্জ দলে ছিলঙত অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ছিলং লেগৰ চেম্পিয়ন ট্ৰফী লাভ কৰিছে৷ উল্লেখ্য যে ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচন [এআইএফএফ]ৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিভা সন্ধানী প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা ফাইনেলত ফুটবল ফ’ৰ চেঞ্জ দলে টাইব্ৰেকাৰৰ জড়িয়তে লাহ বেট এফ চিক ৬-৫ গলৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ জয়ৰ লগতে উত্তৰ-পূৱৰ পৰা ৰাষ্ট্ৰীয় ফাইনেল ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্যভাবে সমাপ্ত হৈছিল৷ উল্লেখ্য যে অসম ৰাইফলছৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপ [ডি এছ চি]ৰ শ্বিলং লেগৰ খেলত মুঠ ছটা দলে অংশগ্ৰহণ কৰিছিল৷ অংশগ্ৰহণকাৰী দলসমূহ হ’ল ঃ শ্বিলং লাজং এফ চি, লাহ বেট এফ চি, গোল্ডেন লায়ন্স ফুটবল কোচিং চেণ্টাৰ, ৰংদাজীদ ইউনাইটেড এফ চি, ফুটবল ফ’ৰ চেঞ্জ আৰু এন আৰ এল ফুটবল একাডেমী৷ দলসমূহক দুটা গ্ৰুপত ভাগ কৰাৰ পাছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দল দুটাই ফাইনেলত অংশ লয়৷ স্মৰ্তব্য যে একমাত্ৰ এআইএফএফৰ স্বীকৃতিপ্ৰাপ্ত ক্লাব আৰু একাডেমীসমূহেহে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে৷ ভাৰতৰ আগশাৰীৰ ক্ৰীড়া প্ৰযুক্তি কোম্পানী ড্ৰিম স্প’ৰ্টছৰ দানশীল শাখা ড্ৰিম স্প’ৰ্টছ ফাউণ্ডেশ্যনে আৰম্ভ কৰা ড্ৰিম স্প’ৰ্টছ চেম্পিয়নশ্বিপ দেশৰ এতিয়ালৈকে দ্বিতীয়খন প্ৰতিভা সন্ধানী ১৭ বছৰ অনুৰ্ধ ফুটবল প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে উচ্ছাকাংক্ষী ফুটবল চেম্পিয়নসকলক নিজৰ দক্ষতাক উচ্ছতম পৰ্যায়ত প্ৰদৰ্শনৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰা লগতে ভাৰতীয় ফুটবলত যুৱক-যুৱতী ভিত্তিক প্ৰতিযোগিতাসমূহক অধিক পেছাদাৰী আৰু উন্নত কৰা৷ দেশৰ সকলো প্ৰান্ততে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷ মুম্বাই, কলকাতা আৰু শ্বিলং লেগৰ খেল সমাপ্ত হোৱাৰ পাছত এতিয়া দিল্লী, বেংগালুৰু আৰু গোৱাত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ অহা ১৮ এপ্ৰিলত আঞ্চলিক ৰাউণ্ডৰ পৰ্যায় সম্পূৰ্ণ হ’ব৷ তাৰ পিছত অহা মে’ মাহত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ফাইনেল প্ৰতিযোগিতাত শীৰ্ষ আঠটা দলে অংশগ্ৰহণ কৰিব৷ ইফালে, এআইএফএফৰ দ্বাৰা নিয়োগ কৰা নিৰ্বাচকে এই প্ৰতিযোগিতাৰ পৰাই প্ৰতিভাবান খেলুৱৈসকলক বাছনি কৰি জুনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিবিৰলৈ যুৱ প্ৰতিভা নিৰ্বাচন কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...