ভিয়েটনামৰ এগৰাকী মহিলা বিলিয়নাৰক বিত্তীয় খেলিমেলিৰ অভিযোগত মৃত্যুদণ্ড

ব্যৱসায়ৰ জৰিয়তে সোঁৱে–বাঁৱে ধন আহৰণ কৰি বিলিয়নাৰ হৈ পৰিছিল ভিয়েটনামৰ এগৰাকী মহিলা ব্যৱসায়ী। দেশৰ প্রখ্যাত ৰিয়েল ষ্টেট ব্যৱসায়ীৰূপে চিহ্নিত হৈ পৰিছিল তেওঁ। কিন্তু এই লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী বিলিয়নাৰ ব্যৱসায়ীক আদালতে বিহিলে মৃত্যুদণ্ড।

ভিয়েটনামৰ এগৰাকী মহিলা বিলিয়নাৰক বিত্তীয় খেলিমেলিৰ অভিযোগত মৃত্যুদণ্ড

১২.৫ বিলিয়ন ডলাৰৰ জালিয়াতিৰ অভিযোগত মৃত্যুদণ্ড ট্রুং মাই লেনক

ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ হৈছে ১ লাখ ৪২ হাজাৰ কোটি টকা

ভিয়েটনামৰ এখন আদালতে বৃহস্পতিবাৰে কাৰাদণ্ড বিহিছে ব্যৱসায়ীজনক

সমীক্ষা মতে মাই লেনৰ জালিয়াতিত ৰাজকোষৰ ক্ষতি হৈছিল ২৭ বিলিয়ন ডলাৰ

ভিয়েটনামৰ এটা বৃহৎ ৰিয়েলষ্টেট কোম্পানী হৈছে ভান থিন ফাট। এই কোম্পানীটোৰ মুৰব্বী আছিল বিলিয়নাৰ ব্যৱসায়ী ট্রুং মাই লেন। এই কোম্পানীৰ বেনাৰত সহস্রাধিক ভুৱা কোম্পানী খুলি চৰকাৰী বিষয়াক উপঢৌকন দি অসংখ্যা চৰকাৰী কাম আদাল কৰিছিল ব্যৱসায়ীজনে। ছাইগন জইণ্ট ষ্টক কমাৰ্চিয়েল বেংকৰ নিয়ন্ত্রণপ্ৰায় নিজৰ হাতলৈ নি মহিলা বিলিয়নাৰ ব্যৱসায়ী মাই লেনে কোটি কোটি টকা আত্মসাৎ কৰিছিল। ২০১২ৰ পৰা ২০২২ চনলৈ ১০ বছৰত ব্যৱসায়ীগৰাকীৰ কোম্পানীয়ে প্রায় ১২.৫ বিলিয়ন ডলাৰৰ ধন আত্মাসাৎ কৰিছিল। ২০২২ চনৰ অক্টোবৰত গ্রেপ্তাৰ হোৱাৰ পাছত ভিয়েটনাম আৰক্ষীয়ে তদন্ত চলাই গোচৰটো সন্দৰ্ভত ৮৫গৰাকী লোকক সোধা-পোছা কৰে।

ষ্টেট বেংক অব ভিয়েটনামৰ বিষয়াও জড়িত আছিল এই জালিয়াতিত

এজন বিষয়াই ৫.২ নিযুত ডলাৰ উৎকোচ লোৱাৰ কথা কৰিছিল স্বীকাৰ

ভিয়েটনামত ২০২২ৰ পৰা চলি আছে দুৰ্নীতি প্রতিৰোধী অভিযান

এনে গোচৰৰ বাবে ভিয়েটনামৰ প্রাঃ ৰাষ্ট্রপতি গুৱেন জোৱান ফুকে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

সেই সময়ছোৱাত মাই লেনে প্ৰায় ৪৪ বিলিয়ন ডলাৰ বিতৰণ কৰিছিল নিজৰ আৰু সতীৰ্থসকলৰ মাজত। মাই লেনে আত্মসাৎ কৰা বুলি প্রতিপন্ন হোৱা ১২.৫ বিলিয়ন ডলাৰ হৈছে ভিয়েটনামৰ মুঠ GDPৰ ৩ শতাংশ। দেশখনত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনে আটাইতকৈ ক্ষতি কৰে ৰিয়েলষ্টেট খণ্ডক। ২০২৩ চনত বজাৰৰ পৰা নোহোৱা হৈ যায় ১৩০০খন প্ৰপাৰ্টী ফাৰ্ম। কমিউনিষ্ট পাৰ্টী অব ভিয়েটনামৰ মহাসচিব গুৱেন ফু ট্রঙৰ মতে দেশখনত দুৰ্নীতি বিৰোধী অভিযান অব্যাহত থাকিব। কিছুদিন পূৰ্বে ভিয়েটনামৰ আন এজন বিলিয়নাৰ ব্যৱসায়ী ডো আন ডুঙক দুৰ্নীতিৰ অভিযোগত ৮ বছৰৰ বাবে কাৰাবাসলৈ পঠোৱা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...