মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ত সংগ দিব নোৱাৰিলে সোণোৱালে

মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ নল’লে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে পুৱাই ডিব্ৰুগড়ত অমিত শ্বাহক সাক্ষাৎ কৰি সোণোৱালে ল’লে আশীৰ্বাদ। আনহাতে বুধবাৰে পুৱা ডিব্ৰুগড়ৰ পৰাই নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ উৰা মাৰে অমিত শ্বাহ।

পুৱাই ডিব্ৰুগড় এৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে
মঙলবাৰে শ্বাহৰ ৰোড শ্ব’ত সংগ দিব নোৱাৰিলে সোণোৱালে
বুধবাৰে শ্বাহক সাক্ষাৎ কৰি সৰ্বানন্দ সোণোৱালে ল’লে আশীৰ্বাদ

মঙলবাৰে তিনিচুকীয়াত ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

শ্বাহৰ ৰোড শ্ব’ত সংগ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিন্তু অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ লোৱা নাছিল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ লোৱাৰ পৰিৱৰ্তে নিজাববীয়াকৈ ডিব্ৰুগড়ৰ বিভিন্ন এলেকাত প্ৰচাৰত ব্যস্ত আছিল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। ইয়াৰ বিপৰীতে তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল বিজেপিৰ কেইবা সহস্ৰাধিক নেতা–কৰ্মী, সমৰ্থক তথা শুভাকাংক্ষীয়ে। তিনিচুকীয়াৰ চলিহানগৰৰ পৰা থানা চাৰিআলিলৈ প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত ৰোড শ্ব’ত অংশ লৈ নিশাই ডিব্ৰুগড়লৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ।

ডিব্ৰুগড়ত মনোহাৰী ৰিজ’ৰ্টত নিশাটো কটায় গৃহমন্ত্ৰী অমিত শ্বাহে

নিশাই উজনিৰ কেইবাখনো জিলাৰ বিজেপিৰ সভাপতি, জিলা প্ৰভাৰী তথা অন্যান্য বহু দলীয় নেতাই ৰিজ’ৰ্টত সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহক। কিন্তু নিশাৰ ভাগতো অমিত শ্বাহক ৰিজ’ৰ্টত সাক্ষাত কৰিবলৈ নগ’ল ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰ বিপৰীতে বুধবাৰে পুৱাই মনোহৰী ৰিজ’ৰ্টত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। সোণোৱালে অমিত শ্বাহক সাক্ষাতৰ সময়ত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ইয়াৰ পিছতেই ডিব্ৰুগড়ৰ পৰা পোনেপোনে নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ ৰাওনা হয় গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে, মঙলবাৰে অসমত ৰোড শ্ব’ৰ উপৰিও এখন নিৰ্বাচনী সভাত অংশ লৈছিল অমিত শ্বাহে। তিনিচুকীয়াত ৰোড শ্ব’ৰ পূৰ্বে দিনৰ ভাগত লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিছিল অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...