নগাঁৱত ‘আৰক্ষী’ৰ গৃহত ‘আৰক্ষী’ৰ অভিযান

নগাঁৱত আৰক্ষীৰ আবাসত মহানগৰ আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষী ছাউনীত অভিযান চলাইছে মহানগৰ আৰক্ষীয়ে। আৰক্ষী উপ-পৰিদৰ্শক বৰ্ণালী বৰাৰ আবাসগৃহত অভিযান চলালে মহানগৰ আৰক্ষীৰ এটা দলে। ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰোৱাতিৰ পত্নী বৰ্ণালী বৰা। মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ৫০লাখ টকাৰ সোণৰ সৈতে সম্পৰ্ক আছিল বদ্ৰীপ্ৰসাদ বাৰুৱাতিৰ। গুৱাহাটী ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদ। গুড লাক কোৰিয়াৰত কৰ্মৰত মনোজ শ্বাহ নামৰ এজনক লগত লৈ অভিযান চলালে মহানগৰ আৰক্ষীয়ে। বদ্ৰীপ্ৰসাদ বাৰুৱাতিৰ পত্নী উপ-পৰিদৰ্শক বৰ্ণালী বৰাৰ চৰকাৰী আৱাসৰ পৰা বহু পৰিমাণৰ ধন জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে। বিকানেৰ জেমছ এণ্ড জুয়েলাৰীৰ স্বতাধিকাৰৰ পুত্ৰ ৰাম অৱতাৰ মনিহাৰক সোধপোছৰ বাবে আটক কৰিছে মহানগৰ আৰক্ষীয়ে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...