অন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিল

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পৰ্ব
অন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিল
সোণোৱাল, লুৰিণৰ পিছত ডিব্ৰুগড় শক্তি প্ৰদৰ্শন মনোজ ধানোৱাৰৰ

গায়ন বায়ন, ঢোল, মাদলৰ তালে তালে নাচি-বাগি মনোনয়ন দাখিল কৰিবলৈ আহিল উজনি অসমৰ চাহ জনগোষ্ঠীৰ এগৰাকী শক্তিশালী নেতা মনোজ ধানোৱাৰ। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বিশাল ৰেলী উলিয়াই মনোনয়ন দাখিল কৰিবলৈ আহিল আম আদমী পাৰ্টিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী ধানোৱাৰ। বিৰোধী ঐক্যত বিভাজন আনি ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও মনোজ ধানোৱাৰৰ দাবী বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধেই হ’ব তেওঁৰ যুঁজ।

মনোজ ধানোৱাৰক মনোনয়ন দাখিলৰ সময়ত সংগ দিলে আপৰ কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মা, ৰাজেশ পাৱাৰ প্ৰমুখ্যে ৰাজ্যিক নেতৃত্বই। মনোনয়ন দাখিলৰ দিনাই ধানোৱাৰৰ ঘোষণা তেওঁৰ হৈ ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, আপৰ নেত্ৰী আতিশী মাৰ্লিনা, সাংসদ ৰাঘৱ ছদ্দাসহ কেইবাজনো কেন্দ্ৰীয় নেতা।

ইফালে, সকলো জল্পনা-কল্পনাৰ অন্তঃ পেলাই অন্তিম দিনা লখিমপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই। লখিমপুৰৰ ৰাজীৱ ভৱনৰ পৰা সহস্ৰাধিক সমৰ্থকক লৈ সমদল কৰি আহি মনোনয়ন দাখিল উদয় শংকৰ হাজৰিকাৰ। উদয় শংকৰ হাজৰিকাৰ মনোনয়নৰ সমদলত ঢোল বজাই, নাচি বাগি মতলীয়া হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। অৱশ্যে উদয় শংকৰৰ মনোনয়নত ভূপেনৰ বৰাৰ বাদে দেখা নগ’ল প্ৰদেশ কংগ্ৰেছৰ আন কোন জ্যেষ্ঠ নেতাক। তথাপি নিজৰ জয়ক লৈ আত্মবিশ্বাসী উদয়।

লখিমপুৰত উদয় শংকৰক টিকট প্ৰদানক লৈ ইতিমধ্যে কংগ্ৰেছৰ ভিতৰচ’ৰা হৈছে উলম্ব বিভাজন। টিকট বঞ্চিত হৈ এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰিছে প্ৰাক্তন সাংসদ ৰাণী নৰহে। পত্নীক টিকট নিদিয়াৰ ক্ষোভত দল ত্যাগ কৰিছে জ্যেষ্ঠ বিধায়ক ভৰত নৰহে। বুধবাৰে মনোনয়নৰ সময়ত এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত উদয় শংকৰ হাজৰিকাই নৰহ দম্পতীক কৰিলে তীব্ৰ কটাক্ষ।

মনোনয়নৰ অন্তিম দিনা শোনিতপুৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌন্দিল্যও। বিশাল সমদল উলিয়াই চমক দিলে ঋষিৰাজে। আত্মবিশ্বাসী ঋষিৰাজৰ মন্তব্য- প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায় প্ৰস্তুত আপ। পাতল সমষ্টিত নিৰ্বাচন নেখেলে আপে। দিল্লীত বিজেপিৰ নাকৰ তলত চৰকাৰ গঠনৰ কৰাৰ দৰেই এইবাৰ শোণিতপুৰত বিজেপিৰ দুৰ্গ ওফৰাই জয়সাব্যস্ত কৰিব তেওঁ।

এনেদৰেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা নিজ নিজ সমষ্টিত শক্তি জাহিৰ কৰি মনোনয়ন দাখিল কৰিলে শাসক বিৰোধী উভয় পক্ষই। এই মুহূৰ্তত জয়ক লৈ আত্মবিশ্বাসী প্ৰতিজন প্ৰাৰ্থী। কিন্তু শেষত কি হ’ব অপেক্ষা ৪ জুনলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...