নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য দাখিল কৰিলে ষ্টেট বেংকে

অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সেও মানিলে ভাৰতীয় ষ্টেট বেংকে। বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰে ষ্টেট বেংকে। ইয়াৰ পিছতে এক শপতনামা যোগে ষ্টেট বেংকে এই কথা জনায় উচ্চতম ন্যায়ালয়ক। ষ্টেট বেংকে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য দাখিল কৰাৰ পিছতে নিৰ্বাচন আয়োগে এই সকলো তথ্য নিজস্ব ৱেবছাইট যোগে প্ৰকাশ কৰে। ইয়াৰপূৰ্বে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ষ্টেট বেংকে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় বিভিন্ন তথ্য আয়োগক দাখিল কৰে যদিও ইয়াত সম্পূৰ্ণ তথ্য উল্লেখ কৰা হোৱা নাই বুলি দাবী কৰি সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ ‘আলফানিউমেৰিক’ নম্বৰসহ সকলো তথ্য দাখিলৰ নিৰ্দেশ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে বৃহস্পতিবাৰে নিৰ্ধাৰিত সময়ত ষ্টেট বেংকে নিৰ্বাচন আয়োগক বণ্ডৰ নম্বৰসহ সকলো তথ্য দাখিল কৰে। এই নম্বৰৰ ভিত্তিত নিশ্চিত হ’ব কোন দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কিমান ধন লাভ কৰিছিল। উল্লেখ্য যে যোৱা ১৫ ফেব্ৰুৱাৰীত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক ‘অসাংবিধানিক’ আখ্যা দিয়াৰ লগতে ইয়াক ‘ক্ষতিকাৰক’ বুলি অভিহিত কৰি ষ্টেট বেংকক সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় নেতৃত্বাধীন খণ্ড বিচাৰপীঠে তাৎক্ষণিকভাৱে নিৰ্বাচনী বণ্ড বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ৰ ১৫ ফেব্ৰুৱাৰীলৈকে কিমান নিৰ্বাচনী বণ্ড বিক্ৰী কৰা হৈছে আৰু কোন ৰাজনৈতিক দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কিমান ধন লাভ কৰিছে তাৰ সকলো তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিলৰ নিৰ্দেশ দিয়া হৈছিল ষ্টেট বেংকক। এই নিৰ্দেশনাৰ পিছতে ষ্টেট বেংকে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় বিভিন্ন তথ্য আয়োগক দাখিল কৰে যদিও উচ্চতম ন্যায়ালয়ে ইয়াক আংশিক তথ্য বুলি দাবী কৰি পুনৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ ষ্টেট বেংকক নিৰ্দেশ দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...