দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

অন্ত পৰিল ৪ বছৰীয়া প্ৰতীক্ষাৰ
দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
CAA-ক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি ৰাজনৈতিক মহলত
উৎফুল্লিত CAA-ৰ জৰিয়তে নাগৰিকত্ব লাভৰ বাবে অপেক্ষাৰত হেজাৰ হেজাৰ
কিন্তু কি এই নাগৰিকত্ব (সংশোধনী) আইন!

ভাৰতৰ ৩খন প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা ধৰ্মীয় কাৰণত নিৰ্যাতিত হৈ যিসকলে ভাৰতলৈ আহিছে আৰু ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত শৰণাৰ্থীৰূপে আশ্ৰয় লৈছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যত গ্ৰহণ কৰা আইনেই হ’ল নাগৰিকত্ব সংশোধনী আইন, ২০১৯।

এই ৩খন দেশ হ’ল আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ

‘CAA’ৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হ’ব এই তিনিওখন দেশৰ ৬টা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক। এই সংখ্যালঘু সম্প্ৰদায়সমূহ হ’ল

হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আৰু খ্ৰীষ্টান

‘CAA’ৰ লক্ষ্য হ’ল কেইবা দশক ধৰি এই তিনিওখন দেশত নিৰ্যাতিত হৈ শৰণাৰ্থীৰ জীৱন–যাপন কৰি অহা লোকসকলক এক মৰ্যাদা পূৰ্ণ জীৱন প্ৰদান কৰা। এই নতুন আইনৰ জৰিয়তে এই শৰণাৰ্থীসকলক দিয়া হ’ব-

সাংস্কৃতিক, ধৰ্মীয় আৰু সামাজিক পৰিচয়
অৰ্থনৈতিক, বাণিজ্যিক, সা-সম্পত্তি ক্ৰয়ৰ অধিকাৰো পাব তেওঁলোকে

২০১৯চনতে সংসদত গৃহীত হৈছিল এই আইন। কিন্তু বিভিন্ন কাৰণত এই আইন কাৰ্যকৰী কৰাতো সম্ভৱ হোৱা নাছিল। অৱশেষত সকলো বাধা আঁতৰাই সোমবাৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যকৰীকৰণৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াক লৈ বিভিন্ন ৰাজনৈতিক দলত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

কিদৰে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লাভ কৰি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা শৰণাৰ্থীসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব? আইন অনুসৰি ভিছা বা পাৰ্ছপৰ্টৰ দৰে নথিপত্ৰ নাথাকিলেও তেওঁলোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব। উল্লেখ্য যে ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি নাগৰিকত্ব লাভ কৰিবলৈ হ’লে এবছৰ ভাৰতত থাকিব লাগিব। ইয়াৰোপৰি যোৱা ১৪ বছৰৰ ভিতৰত কমেও ১১ বছৰ ভাৰতত থকাতো বাধ্যতামূলক আছিল। কিন্তু ‘CAA’ৰ অধীনত এই সময়সীমা ৫ বছৰলৈ হ্ৰাস কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...