কিয় কংগ্ৰেছ ত্যাগ কৰিলে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে?

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীৰ কংগ্ৰেছ ত্যাগ। শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে নাবাম টুকীয়ে। লোকসভা নিৰ্বাচন আৰু অৰুণাচলপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাবাম টুকীৰ এই পদত্যাগ কংগ্ৰেছৰ বাবে মোক্ষম আঘাতৰূপে বিবেচিত হৈছে। কংগ্ৰেছৰ তিনিজন বিধায়কে বিজেপিলৈ যোৱাৰ পিছতে শুকুৰবাৰে নাবাম টুকীয়ে AICCলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। অৰুণাচলপ্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গ্যামাৰ টানাই প্ৰকাশ কৰা মতে, দলীয় বিধায়কসকলক একত্ৰিত কৰি ৰখাত ব্যৰ্থ হোৱা বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীয়ে কংগ্ৰেছৰ পৰা অব্যাহতি লয়। অৰুণাচল বিধানসভাত নাবাম টুকীয়ে ছাগালী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা ইষ্ট ছিয়াং জিলাৰ মেবো সমষ্টিৰ পৰা ৬বাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱা লম্বো টায়েঙে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। টায়েঙৰ লগতে আন দুজন কংগ্ৰেছ বিধায়কক্ৰমে নিনং এৰিং আৰু ৱাংলিন লোৱাংদঙেও বিজেপিত যোগদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাইমাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ...

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...