প্ৰতিবাদত নামিছে এখন গাঁৱৰ ৰাইজ

প্ৰতিবাদত নামিছে এখন গাঁৱৰ ৰাইজ
বুঢ়া-মেথা, অশীতিপৰ বৃদ্ধাও খৰ্গহস্ত হৈছে
পিতা-পিতামহ বাস কৰি অহা গাঁওখন তেওঁলোকক একেদৰেই লাগে

এনেকৈয়ে গহপুৰৰ পোকপৰা ৰাজহ গাঁৱৰ ৰাইজ ওলাই আহিছে। হাতত বেনাৰ পোষ্টাৰ। দিছে শ্লোগান।

পোকপৰা ৰাজহ গাওঁখনৰ নাম বিলুপ্তিকৰণৰ দিহা কৰা হৈছে
পূৰ্বৰ পৰিৱৰ্তে নাম দিব খোজা হৈছে খাটৰগাঁও
গাঁৱৰ বিলুপ্তিকৰণক লৈয়ে ৰাইজৰ উত্তাল প্ৰতিবাদ

গাঁওখনৰ‌ নাম বিলুপ্তি কৰা কাৰ্যক কোনো পধ্যেই মানি ল’ব পৰা নাই গাঁওবাসীয়ে। প্ৰায় পাঁচ শতাধিক লোকে অংশ লৈছে এই প্ৰতিবাদত। অতি শীঘ্ৰে গাঁওখনৰ নাম পুনৰ আগৰ দৰেই ৰাখিবলৈ চৰকাৰলৈ আহ্বান ৰাইজৰ। প্ৰয়োজন হলে হেনো নালাগে চৰকাৰী আঁচনি, নালাগে সা সুবিধা।

চৰকাৰী ফাইলৰ মেৰপেছত বা কোনো নেতৃস্থানীয় ব্যক্তিৰ ব্যক্তিগত লাভালাভৰ বাবে কেতিয়াবা এনে ব্যৱস্থাৱলী গ্ৰহণ কৰা হয়। কিন্তু ই সামগ্ৰিকভাৱে এখন ঠাইৰ পৌৰাণিক পৰিচয়কে নস্যাত কৰি স্থানীয় লোকক কষ্ট দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...