ৰেষ্টুৰেণ্টত অনুৰাগীয়ে পৰিশোধ কৰিলে ছনু সুদৰ বিল, এৰি থৈ গ’ল এক মধুৰ বাৰ্তা

দানবীৰ হিচাপে সকলোৰে মাজত চৰ্চিত ছনু সুদক চিনি নোপোৱা মানুহ নাই। সদায়েই আৰ্তজনৰ কাষত থিয় দিয়া ছনু সুদ এতিয়া সাধাৰণ মানুহৰ বাবে ভগৱান! মহামাৰীৰ সময়ত দেশৰ মানুহৰ কাষত থিয় দিছিল তেওঁ। হয়তো সেই মহৎ কৰ্মৰ বাবেই এক মধুৰ মুহূৰ্তৰ সাক্ষী হ’ল অভিনেতাজন।

শেহতীয়াকৈ অভিনেতাজন এখন ৰেষ্টোৰাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে গৈছিল। কিন্তু আহাৰ গ্ৰহণৰ পাছতেই তেওঁ যেতিয়া বিল পৰিশোধৰ বাবে যায়, তেতিয়াই ঘটিল অকল্পনীয় এক মধুৰ ঘটনা। কিয়নো অভিনেতাজনে বিল পৰিশোধ কৰিবলৈ গৈ জানিব পাৰে যে ইতিমধ্যে তেওঁৰ বিল আন কোনোবাই পৰিশোধ কৰিছে। আনফালে বিল পৰিশোধ কৰা লোকজনে ছনুৰ বাবে এৰি থৈ যায় এক মধুৰ বাৰ্তা। অভিনেতাজনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে সেই বাৰ্তা। য’ত লিখা আছিল ”আপুনি আমাৰ দেশৰ বাবে কৰা সকলো ভাল কামৰ বাবে ধন্যাবাদ।”

আনফালে অভিনেতাজনৰ বিল পৰিশোধ কৰা লোকজনে নিজৰ পৰিচয় গোপনে ৰাখিছে। ইয়াৰ পাছতে ছনুৱে তেখেতৰ ফেচবুক পেজত লিখিছে যে ”মই নাজানো কোনে এই কাম কৰিলে। ৰেষ্টুৰেণ্টত আমাৰ বিল পৰিশোধ কৰি তেখেতে এটা মধুৰ বাৰ্তা এৰি থৈ গ’ল। আপোনাৰ এই কামে মোৰ হৃদয় চুই গ’ল। ধন্যবাদ বন্ধু।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...