ৰেষ্টুৰেণ্টত অনুৰাগীয়ে পৰিশোধ কৰিলে ছনু সুদৰ বিল, এৰি থৈ গ’ল এক মধুৰ বাৰ্তা

দানবীৰ হিচাপে সকলোৰে মাজত চৰ্চিত ছনু সুদক চিনি নোপোৱা মানুহ নাই। সদায়েই আৰ্তজনৰ কাষত থিয় দিয়া ছনু সুদ এতিয়া সাধাৰণ মানুহৰ বাবে ভগৱান! মহামাৰীৰ সময়ত দেশৰ মানুহৰ কাষত থিয় দিছিল তেওঁ। হয়তো সেই মহৎ কৰ্মৰ বাবেই এক মধুৰ মুহূৰ্তৰ সাক্ষী হ’ল অভিনেতাজন।

শেহতীয়াকৈ অভিনেতাজন এখন ৰেষ্টোৰাত নিশাৰ আহাৰ গ্ৰহণৰ বাবে গৈছিল। কিন্তু আহাৰ গ্ৰহণৰ পাছতেই তেওঁ যেতিয়া বিল পৰিশোধৰ বাবে যায়, তেতিয়াই ঘটিল অকল্পনীয় এক মধুৰ ঘটনা। কিয়নো অভিনেতাজনে বিল পৰিশোধ কৰিবলৈ গৈ জানিব পাৰে যে ইতিমধ্যে তেওঁৰ বিল আন কোনোবাই পৰিশোধ কৰিছে। আনফালে বিল পৰিশোধ কৰা লোকজনে ছনুৰ বাবে এৰি থৈ যায় এক মধুৰ বাৰ্তা। অভিনেতাজনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে সেই বাৰ্তা। য’ত লিখা আছিল ”আপুনি আমাৰ দেশৰ বাবে কৰা সকলো ভাল কামৰ বাবে ধন্যাবাদ।”

আনফালে অভিনেতাজনৰ বিল পৰিশোধ কৰা লোকজনে নিজৰ পৰিচয় গোপনে ৰাখিছে। ইয়াৰ পাছতে ছনুৱে তেখেতৰ ফেচবুক পেজত লিখিছে যে ”মই নাজানো কোনে এই কাম কৰিলে। ৰেষ্টুৰেণ্টত আমাৰ বিল পৰিশোধ কৰি তেখেতে এটা মধুৰ বাৰ্তা এৰি থৈ গ’ল। আপোনাৰ এই কামে মোৰ হৃদয় চুই গ’ল। ধন্যবাদ বন্ধু।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...