ছিপাঝাৰৰ ভেৰুৱাত দুৰ্ঘটনাগ্ৰস্ত নাগাৰা নামৰ দল, দলটোত আছিল ১৭জনকৈ লোক

ছিপাঝাৰৰ ভেৰুৱাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে চাৰিচকীয়া বাহনে। বাহনখন আছিল এটা নাগাৰা নামৰ দল। কৃষ্ণ শংকৰ মহিলা নাগাৰা নামৰ দলটিত আছিল ১৭জনকৈ লোক ৷ বুঢ়া আৰক্ষীৰ উপস্থিতিত আহতসকলক ততাতৈয়াকৈ দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আহতসকলৰ বয়স ১৫ৰ পৰা ২০ বছৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01CC9226। বাহনখনৰ চালকজনে মদ্যপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালকজনে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ হৈছে পানী মিহলি মদ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...