আকাশখনৰ যেন ঠেহ ভাঙিল, কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই এই চহৰলৈ নামি আহিল বৰষুণজাক

এই চহৰলৈ আহিল ফাগুণৰ প্ৰথমজাক বৰষুণ। ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণ আহক এই চহৰলৈ। কিয়নো এজাক বৰষুণেহে শুকান বতৰ, ধূলি, বায়ু প্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে। একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক। প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা।

কেইবাটাও মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল ফাগুনৰ বৰষুণজাক। বৃহস্পতিবাৰৰ পুৱাৰ পৰাই গোমা হৈ পৰিল গুৱাহাটীৰ আকাশ। লাহে লাহে বৈ আছিল ফাগুণৰ পছোৱা বতাহ। ইয়াৰ সমান্তৰালভাৱে মহানগৰীলৈ নামি আহিল এজাক কিনকিনীয়া বৰষুণ। মেঘে ওন্দোলাই অনা অকাশখনত এজাক দপদপীয়া বৰষুণৰ আয়োজন চলিল। অৱশ্যে এই আয়োজন মঙলবাৰৰ পৰাই চলি আছিল।

বৃহস্পতিবাৰে আকাশখনৰ যেন ঠেহ ভাঙিল। ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল এই চহৰলৈ। বৰষুণৰ পৰশ পাই যেন এই চহৰ সজীৱ উঠিল পুনৰবাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...