চনু চোডক লগ পাবলৈ খালী ভৰিৰে খোজকাঢ়ি হায়দৰাবাদৰ পৰা মুম্বাইত উপস্থিত এজন অনুৰাগী

গুৱাহাটী, ১৫ জুন, NKTV: চনু চোডৰ এজন ব্যতিক্ৰমী অনুৰাগী। অনুৰাগীজনৰ নাম ভেনকাটেষ। অলপতে অভিনেতাজনক লগ পাবলৈ হায়দাৰাবাদৰ পৰা খালী ভৰিৰে ভেনকাটেষে মুম্বাইত উপস্থিত হৈছিল। বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চোডে টুইট যোগে নিজেই সদৰি কৰিলে সমগ্ৰ ঘটনা। অভিনেতাজনে জনোৱা মতে তেওঁ ভেনকাটেষৰ বাবে যাতায়তৰ সু-ব্যৱস্থা কৰিব বিচাৰিছিল যদিও ভেনকাটেষে হায়দাৰাবাদৰ পৰা মুম্বাইলৈ সুদুৰ ৭০০ কি.মি. বাট খালী ভৰি খোজ কাঢ়ি অহাটোৱেই নিশ্চিত কৰিছিল। চনুৱে ইতিমধ্য নিজৰ অনুৰাগীজনৰ সৈতে ছোচিয়েল মিডিয়াত এখন ফটোও চেয়াৰ কৰিছে।
এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে বলীউডৰ জনপ্ৰিয় অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক অনুৰোধ কৰি কয় যে, তেওঁৰ বাবে কোনোৱে এনেধৰণৰ কাম কৰাটো চাবলৈ তেওঁৰ সাহস নাই। ভেনকাটেষে কৰা এনে কামৰ বাবে অভিনেতাজনক সচাকৈ অনুপ্ৰেৰিত হৈছে বুলিও তেওঁ উল্ল্যেখ কৰিছে। কিন্তু তেওঁৰ অনুৰাগীসকলে কেতিয়াও এনেধৰণৰ কাম কৰাটো তেওঁ নিবিচাৰে বুলি উল্ল্যেখ কৰি আগন্তুক দিনত এনে কাম নকৰিবলৈ টুইট যোগে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে।
উল্ল্যেখযোগ্য যে, ২০২০ চনত মহামাৰী ক’ভিডৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ত বাহিৰৰ পৰা অহা কৰ্মচাৰীসকলৰ বাবে তেওঁ এজন দেৱদুত স্বৰূপ হৈ পৰিছিল। ইয়াৰ উপৰিও পেণ্ডেমিকৰ সময়ত সহায়ৰ প্ৰয়োজন হোৱা প্ৰতিজন ব্যক্তিলৈ চনুয়ে সহায় আগবঢ়োৱাৰ সমান্তৰালভাৱে ৰোগীলৈ মেডিকেল সুবিধা আগবঢ়াইছিল। চলিত বৰ্ষতো মহামাৰী কৰ’নাত আক্ৰান্ত হোৱা লোকলৈ সহায় আগবঢ়াই অভিনেতাজনে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল। চনু চোডৰ অনুৰাগীসকলে বলীউডৰ জনপ্ৰিয় অভিনেতাজনক অনাগত সময়ত অক্ষয় কুমাৰে অভিনয় কৰা ছবি “পৃথৱীৰাজত” দেখিবলৈ পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...