চনু চোডক লগ পাবলৈ খালী ভৰিৰে খোজকাঢ়ি হায়দৰাবাদৰ পৰা মুম্বাইত উপস্থিত এজন অনুৰাগী

গুৱাহাটী, ১৫ জুন, NKTV: চনু চোডৰ এজন ব্যতিক্ৰমী অনুৰাগী। অনুৰাগীজনৰ নাম ভেনকাটেষ। অলপতে অভিনেতাজনক লগ পাবলৈ হায়দাৰাবাদৰ পৰা খালী ভৰিৰে ভেনকাটেষে মুম্বাইত উপস্থিত হৈছিল। বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চোডে টুইট যোগে নিজেই সদৰি কৰিলে সমগ্ৰ ঘটনা। অভিনেতাজনে জনোৱা মতে তেওঁ ভেনকাটেষৰ বাবে যাতায়তৰ সু-ব্যৱস্থা কৰিব বিচাৰিছিল যদিও ভেনকাটেষে হায়দাৰাবাদৰ পৰা মুম্বাইলৈ সুদুৰ ৭০০ কি.মি. বাট খালী ভৰি খোজ কাঢ়ি অহাটোৱেই নিশ্চিত কৰিছিল। চনুৱে ইতিমধ্য নিজৰ অনুৰাগীজনৰ সৈতে ছোচিয়েল মিডিয়াত এখন ফটোও চেয়াৰ কৰিছে।
এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে বলীউডৰ জনপ্ৰিয় অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক অনুৰোধ কৰি কয় যে, তেওঁৰ বাবে কোনোৱে এনেধৰণৰ কাম কৰাটো চাবলৈ তেওঁৰ সাহস নাই। ভেনকাটেষে কৰা এনে কামৰ বাবে অভিনেতাজনক সচাকৈ অনুপ্ৰেৰিত হৈছে বুলিও তেওঁ উল্ল্যেখ কৰিছে। কিন্তু তেওঁৰ অনুৰাগীসকলে কেতিয়াও এনেধৰণৰ কাম কৰাটো তেওঁ নিবিচাৰে বুলি উল্ল্যেখ কৰি আগন্তুক দিনত এনে কাম নকৰিবলৈ টুইট যোগে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে।
উল্ল্যেখযোগ্য যে, ২০২০ চনত মহামাৰী ক’ভিডৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ত বাহিৰৰ পৰা অহা কৰ্মচাৰীসকলৰ বাবে তেওঁ এজন দেৱদুত স্বৰূপ হৈ পৰিছিল। ইয়াৰ উপৰিও পেণ্ডেমিকৰ সময়ত সহায়ৰ প্ৰয়োজন হোৱা প্ৰতিজন ব্যক্তিলৈ চনুয়ে সহায় আগবঢ়োৱাৰ সমান্তৰালভাৱে ৰোগীলৈ মেডিকেল সুবিধা আগবঢ়াইছিল। চলিত বৰ্ষতো মহামাৰী কৰ’নাত আক্ৰান্ত হোৱা লোকলৈ সহায় আগবঢ়াই অভিনেতাজনে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল। চনু চোডৰ অনুৰাগীসকলে বলীউডৰ জনপ্ৰিয় অভিনেতাজনক অনাগত সময়ত অক্ষয় কুমাৰে অভিনয় কৰা ছবি “পৃথৱীৰাজত” দেখিবলৈ পাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...