মৃত্যু এনেকৈয়ে আহেনে…মৃত্যুদূতৰূপী বাহনে প্ৰাণ ল’লে ভাতৃ-ভগ্নীসহ ৪জনৰ

মৰ্মান্তিক, হৃদয়বিদাৰক! কোনে ভাবিছিল, কথাবোৰ যে এদিন এনেকুৱা হ’ব! ঘৰলৈ উভতি গৈ থাকোতেই ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ৪জনৰ। ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাই পুনৰ বুকু উকা কৰি গ’ল এখন ঘৰৰ। দুৰ্ঘটনাত থিতাতে নিহত হ’ল ভাতৃ-ভগ্নী।

চিলাপথাৰৰ চিলাসুঁতিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৰখাই থোৱা বাইকত খুন্দা টাটা পাঞ্চ বাহনৰ। বাহনখৰ খুণ্ডাত প্ৰাণ গ’ল ভাতৃ ভগ্নীৰ। নিহত ভাতৃ-ভগ্নী আজা চুংক্ৰাং আৰু জয়া চুংক্ৰাং।

আনফালে TATA PUNCH বাহনখনে আন এখন বাইককো মহতিয়াই নিয়ে। দুৰ্ঘটনাতো ইমানেই ভয়াৱহ আছিল যে বাইকখন পথৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰৈত চিটিকি পৰে। ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী দীনেশ পেগু আনফালে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা নৱকান্ত দলেৰো মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...