UNIFORM CIVIL CODE প্ৰৱৰ্তনৰ দিশে উত্তৰাখণ্ড

পুষ্কৰ সিং ধামী বিজেপি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ
কেবিনেটৰ অনুমোদনৰ পিছত ৬ ফেব্রুৱাৰীত UCC দাখিল হ’ব সদনত

ইতিমধ্যে গোৱাত প্ৰৱৰ্তন হৈছে UNIFORM CIVIL CODE

উত্তৰাখণ্ডৰ পাছত অসমতো প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

গোৱাৰ পাছত UNIFORM CIVIL CODE অৰ্থাৎ UCC প্ৰৱৰ্তনৰ দিশে আগবাঢ়িছে উত্তৰাখণ্ড। ইতিমধ্যে উত্তৰাখণ্ড কেবিনেটে UCCৰ চূড়ান্ত খচৰা প্ৰতিবেদন গ্রহণ কৰিছে। উত্তৰাখণ্ড চৰকাৰে UCC প্রৱৰ্তনৰ খচৰা  প্ৰস্তুত কৰিবলৈ এখন ৫জনীয়া কমিটী গঠন কৰি দিছিল। এই কমিটীয়ে শুকুৰবাৰে দিয়া প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্রহণ কৰিছে। অহা ৬ ফেব্রুৱাৰীত এই প্ৰতিবেদন বিধানসভাত উত্থাপন কৰি গৃহীত কৰাৰ চেষ্টা কৰিব বুলি জানিব দিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে।

এই UCCত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে ৩ তালাক

৩ তালাক আৰু নিকাহনামাৰ ক্ষেত্রত কঠোৰ শাস্তিৰ পৰামৰ্শ

জনজাতিসকলক UCCৰ আওতাৰ পৰা ৰখা হৈছে আঁতৰত

বহুবিবাহ প্ৰথাও নিষিদ্ধ কৰা হৈছে এই প্ৰতিবেদনত

মহিলাৰ বিবাহৰ নিম্নতম বয়সৰ সীমা ল’ৰাৰ দৰে ২১লৈ বৃদ্ধিৰ পৰামৰ্শ

সম্পত্তিৰ উত্তৰাধিকাৰী সূত্রে ল’ৰাৰ দৰে সমঅধিকাৰ পাব কন্যাই

উত্তৰাখণ্ডত UCC প্ৰৱৰ্তনৰ বিষয়টোলৈ দৃষ্টি ৰাখিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই সন্দৰ্ভত প্রকাশ কৰিছে প্রতিক্রিয়া। 

‘উত্তৰাখণ্ডৰ পাছতে অসমতো প্ৰৱৰ্তন কৰা হ’ব UCC’

‘উত্তৰাখণ্ডত UCC প্ৰৱৰ্তন কৰালৈ আমিও অপেক্ষা কৰি আছোঁ’

‘অসমত UCC সম্পৰ্কীয় বিধেয়কখন পৰ্যালোচনাৰ বাবে আছে আইন বিভাগত’

এই UCCক লৈ দেশজুৰি বিভিন্ন ক্ৰিয়া–প্ৰতিক্ৰিয়া অব্যাহত। ইফালে UCC প্রৱৰ্তনৰ বাবে অসম চৰকাৰে যো-জা চলোৱাৰ বাতৰি পাই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF দলে।

‘সদনৰ ভিতৰে-বাহিৰে UCCৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ কৰিম আমি’

শনিবাৰে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ আজমলৰ

UCC প্রৱৰ্তনে ধৰ্মীয় সংখ্যালঘু মহিলাক বিশেষভাৱে উপকৃত কৰিব বুলি ভবা হৈছে যদিও মৌলবাদী সংগঠনসমূহে এই বিষয়টো কিদৰে লয় সেয়া হ’ব লক্ষণীয়। কিন্তু অসমত UCC প্রৱৰ্তনৰ বাবে যে হিমন্ত বিশ্ব চৰকাৰ বদ্ধপৰিকৰ সেয়া নিশ্চিত। 

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...