একেলগে বাজিছে খোল, শংখ, বৰতাল…একেলগে জুৰিছে ভকতে নাম

একেলগে বাজিছে খোল, শংখ, বৰতাল
একেলগে জুৰিছে ভকতে নাম

এয়া ৰঙিয়াৰ হাতীখলা পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনৰ বাবে সাজু হৈ উঠিছে মৰাণজনা ভয়ৰাৰ হাতীখলা পথাৰ। ইতিমধ্যে আদৰণী সমিতিয়ে সম্পন্ন কৰিছে ৮০ শতাংশ কাম। থলুৱা সা–সামগ্ৰীৰে নিৰ্মাণ কৰা অস্থায়ী নামঘৰত এইদৰে সমবেত হ’ল বাপ–বান্ধৱ, আই–মাতৃ। সমস্বৰে ভগৱন্তক আৰাধনা কৰি পুৱাৰ ভাগতে আজি প্ৰতিষ্ঠা হ’ল গুৰু আসন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পালন কৰিলে গুৰু দায়িত্ব।

অধিৱেশনখনিক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৰঙিয়াত। অক্ষয় বন্তিৰো ব্যৱস্থা কৰা হৈছে অস্থায়ী নামঘৰত। অহা ৯,১০, ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ অতিথি আপ্যায়ণৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আয়োজকে। ৩৫ খন উপ–সমিতি গঠনেৰে জোৰদাৰ চলিছে প্ৰস্তুতি। এইদৰে সাজু হৈ উঠিছে ৰঙিয়াবাসী। ভকতৰ ভকতি, সেৱকীৰ সেৱাৰে ভৰি পৰিব অধিৱেশনস্থলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...