অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম…

বাজিছে ভোৰতাল
আকাশে গুঞ্জৰিছে নাগাৰাম
অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম..
.

হৰিনামেৰে মুখৰিত হল অসম পশ্চিমবংগ সীমান্তৰ জিনকাটা অঞ্চল। অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰৰ প্ৰতিষ্ঠা দিৱস। তিনিদিনীয়া অনুষ্ঠান। উবুৰি খাই পৰিল যদু-মধু-ৰাম-শ্যাম।সকলোৱে আড়ম্বৰপূৰ্ণভাৱে উপভোগ কৰিলে অনুষ্ঠান। তিনিদিনীয়া অনুষ্ঠানটোৰ সামৰণিত অৰ্থাত শুকুৰবাৰে দিনে-নিশা অবিৰতভাৱে চলিল নাগাৰা নাম। সামৰণি অনুষ্ঠানত নাগাৰা নাম পৰিবেশন কৰে নাগাৰা নাম জগতৰ অন্যতম পাঠিকা কাকলি বৰুৱাই। নামতীৰ কণ্ঠই মুহিত কৰিলে সকলোকে। চলিল ভোৰতাল বাদন। সৰলভাৱে এই অনুষ্ঠানো উপভোগ কৰিলে বহুজনে।

অন্তিম দিনৰ কাৰ্যসূচীত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰাত বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত নাম দলসমূহে অংশ লয়। ধূপ-ধূনা হৰিনামৰ ধ্বনিৰে মুখৰিত হয় জিনকাটা অঞ্চলৰ এছোৱা পথ। স্থানীয় নৃত্যশিল্পীয়েও পৰিৱেশন কৰিলে নৃত্য। এনেদৰে দেখিবলৈ পোৱা গল তিনি দিনীয়া কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ বিপুল সঁহাৰি। সুখী হল আয়োজকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...

দিল্লী মেট্ৰ’ৰ ৫৭টা ষ্টেচনৰ প্ৰৱেশ-প্ৰস্থান বন্ধ থকাৰ সম্ভাৱনা, ১০ অক্টোবৰত CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা কটকটীয়া

১০ অক্টোবৰত দিল্লীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত...