অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম…

বাজিছে ভোৰতাল
আকাশে গুঞ্জৰিছে নাগাৰাম
অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটাত লৈয়ো লৈয়ো হৰিনাম..
.

হৰিনামেৰে মুখৰিত হল অসম পশ্চিমবংগ সীমান্তৰ জিনকাটা অঞ্চল। অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জিনকাটা ৰাজহুৱা সত্ৰৰ প্ৰতিষ্ঠা দিৱস। তিনিদিনীয়া অনুষ্ঠান। উবুৰি খাই পৰিল যদু-মধু-ৰাম-শ্যাম।সকলোৱে আড়ম্বৰপূৰ্ণভাৱে উপভোগ কৰিলে অনুষ্ঠান। তিনিদিনীয়া অনুষ্ঠানটোৰ সামৰণিত অৰ্থাত শুকুৰবাৰে দিনে-নিশা অবিৰতভাৱে চলিল নাগাৰা নাম। সামৰণি অনুষ্ঠানত নাগাৰা নাম পৰিবেশন কৰে নাগাৰা নাম জগতৰ অন্যতম পাঠিকা কাকলি বৰুৱাই। নামতীৰ কণ্ঠই মুহিত কৰিলে সকলোকে। চলিল ভোৰতাল বাদন। সৰলভাৱে এই অনুষ্ঠানো উপভোগ কৰিলে বহুজনে।

অন্তিম দিনৰ কাৰ্যসূচীত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰাত বিভিন্ন স্থানৰ পৰা আমন্ত্ৰিত নাম দলসমূহে অংশ লয়। ধূপ-ধূনা হৰিনামৰ ধ্বনিৰে মুখৰিত হয় জিনকাটা অঞ্চলৰ এছোৱা পথ। স্থানীয় নৃত্যশিল্পীয়েও পৰিৱেশন কৰিলে নৃত্য। এনেদৰে দেখিবলৈ পোৱা গল তিনি দিনীয়া কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ বিপুল সঁহাৰি। সুখী হল আয়োজকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...