বিদ্যালয় অসমীয়া মাধ্যমৰ, পাঠদান ইংৰাজীত কিয়?

বিদ্যালয় অসমীয়া মাধ্যমৰ, পাঠদান ইংৰাজীত কিয়?
আইৰ মুখৰ ভাষা কাঢ়ি নিব কোনে?
চৰকাৰৰ সিদ্ধান্তত সৰৱ আছু

ৰাজ্যত আছে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰে অসংখ্য বিদ্যালয়। যি অভিভাৱকে সন্তানক যি মাধ্যমতেই পঢ়ুৱাব বিচাৰে দুৱাৰ খোলা। কিন্তু হঠাত চৰকাৰে ঘোষণা কৰিলে এক সিদ্ধান্ত। অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিতৰ পাঠদান হব ইংৰাজী ভাষাত। বহুলোকেই ইয়াৰ বিৰোধীতা কৰিলে। কিন্তু নাই, চৰকাৰে নুশুনিলে। সেয়েহে এইবাৰ-

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আছুৰ হাল্লা বোল!
ঠায়ে ঠায়ে বিশাল চাইকেল ৰেলী উলিয়াই আছুৰ প্ৰতিবাদ
চৰকাৰৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবী ছাত্ৰ সন্থাৰ

ডিব্ৰুগড়ত বিশাল চাইকেল ৰেলীৰে আছুৱে উলিয়ালে সমদল। চৰকাৰক এই হঠকাৰী সিদ্ধান্ত উঠাই লবলৈ দাবী। অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কলিয়াবৰ ছাত্ৰ সন্থাও। আই মুখৰ ভাষা কাঢ়ি নিবলৈ নিদিওঁ বুলি কেইবা কিলোমিটাৰ চাইকেল চলাই আগবাঢ়িল প্ৰতিবাদী ৰেলী। মৰাণৰো গ্রাম্য অঞ্চলৰ মাজে মাজে চাইকেল ৰেলী কৰিবলৈ শ্ৰেণীৰ কোঠা এৰি ওলাই আহিল শতাধিক ছাত্ৰ-ছাত্ৰী। শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ ভাষাৰে চৰকাৰক সমালোচনা কৰি আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে।

দেৰগাঁৱতো আছুৰ চাইকেল সমদল। প্ৰতিবাদী চাইকেল সমদলত অংশগ্ৰহন সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিবৰ্তন গোস্বামীৰো। সমদল কৰি দেৰগাঁও চহৰ পৰিভ্ৰমণ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লগান দি উত্তাল কৰি তোলে পৰিবেশ।

নলবাৰীতো শ্বহীদ ভৱনৰ পৰা উলিওৱা ৰেলটোত অংশ লোৱা প্ৰতিবাদকাৰী সকলে মাধ্যম সন্দৰ্ভ লোৱা সিদ্ধান্ত শীঘ্ৰে সলনি নকৰিলে পৰৱৰ্তী সময়ত গণতান্ত্ৰীকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে। হাজো, সৰভোগ, সোণাৰি, মৰিগাঁৱতো অনুৰূপ পৰিৱেশ। মুঠৰ ওপৰত আইৰ মুখৰ ভাষাটোৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহব বুলি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হোৱা প্ৰতিবাদেৰে চৰকাৰক সকীয়াই দিলে সদৌ অসম ছাত্ৰ সন্থাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...