কাইলৈ গুৱাহাটীত জলসিঞ্চন বিভাগৰ দিনজোৰা কৰ্মশালা

অসম জলসিঞ্চন বিভাগৰ উদ্যোগত তেজপুৰৰ NERIWALM আৰু গুৱাহাটীৰ আই আই টিৰ কাৰিকৰী সহযোগত অহা কাইলৈ, ২৪ জানুৱাৰী, বুধবাৰে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ সমীপৰ অসম জল কেন্দ্ৰত “বহনক্ষম কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী পদ্ধতি” (Innovative Practices in Irrigation Sector for Sustainable Agriculture Development) শীৰ্ষক এক দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হৈছে।

কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী বিশিষ্ট বিশেষজ্ঞ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকিব। ইয়াৰ পিছত দুটা কাৰিকৰী অধিবেশন অনুষ্ঠিত হ’ব য’ত কৰ্মশালাৰ কেন্দ্ৰীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ব। এই উপলক্ষে কাৰ্য্যবিধিৰ কাম-কাজৰ স্মৃতিত এক কাৰিকৰী হাতপুথিও (Technical Volume) প্ৰকাশ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...