২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ

মাজত মাথো এটা দিন। ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। সমগ্ৰ দেশজুৰি ধ্বনিত হৈছে ভগৱান ৰামৰ বন্দনা। কেৱল অযোধ্যাই নহয়, সমগ্ৰ দেশৰ মন্দিৰে মন্দিৰে চলিছে ভগৱান শ্ৰীৰামক আদৰাৰ প্ৰস্তুতি। নৰূপত সজোৱা হৈছে ৰাম নগৰী অযোধ্যাক। চৌদিশে মুখৰিত হৈছে জয় শ্ৰীৰাম ধ্বনি। ৰামচন্দ্ৰৰ শিশুকালৰ ফটোৰে সজোৱা হৈছে ৰাম মন্দিৰৰ প্ৰৱেশদ্বাৰ। প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত শিল্পীসকলে প্ৰস্তুত কৰিছে ৰংগোলী। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে বহু ৰামভক্ত আৰু পৰ্যটক। ছুৰাটত ৰাম, লক্ষ্মণ, জানকী, হনুমানৰ ১১ ফুট ওখ মূৰ্তি নিৰ্মাণৰ বিপৰীতে মুম্বাইত উলিওৱা হৈছে বিশেষ ৰেলী।

২২ জানুৱাৰীলৈ মাজত মাথো এটা দিন
জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত সমগ্ৰ দেশ
নতুন ৰূপ ধাৰণ কৰিছে ৰাম নগৰী অযোধ্যাই
ৰং-বিৰঙী পোহৰেৰে উজলি উঠিছে অযোধ্যাৰ ৰাম মন্দিৰ

অহা ২২ জানুৱাৰীৰ বাবে সম্পূৰ্ণ হৈ উঠিছে সকলো প্ৰস্তুতি। দেশ–বিদেশৰ আমন্ত্ৰিত অতিথি, ৰামভক্ত, পৰ্যটকৰ উপস্থিতিত ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ। প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। উদ্বোধনী অনুষ্ঠানক লৈ উৎসাহী ৰামভক্তৰ মুখত দেশজুৰি শুনিবলৈ পোৱা গৈছে জয় শ্ৰীৰাম ধ্বনি। ভগৱান ৰামৰ শিশুকালৰ ছবিৰে সজ্জিত ৰাম মন্দিৰৰ প্ৰৱেশদ্বাৰ।

উদ্বোধনী অনুষ্ঠানৰ বাবে সজাই–পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যা নগৰী। ৰামচন্দ্ৰৰ শিশুকালৰ ছবিৰে সজোৱা হৈছে ৰাম মন্দিৰৰ প্ৰৱেশদ্বাৰ। পুষ্প সজ্জিত প্ৰৱেশদ্বাৰৰ চৌদিশে দেখিবলৈ পোৱা গৈছে ভগৱান ৰামৰ ছবি। প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে উজলাই তোলা হৈছে ৰাম মন্দিৰ। ৰাম মন্দিৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বিশেষ লাইটেৰে সজোৱা হৈছে ৰাম মন্দিৰৰ। বিশ্বৰ সৰ্ববৃহৎ চাকিৰে উজলি উঠিব ৰাম নগৰী অযোধ্যা। অযোধ্যাৰ চৌদিশে উৰিছে জয় শ্ৰীৰাম পতাকা। ইতিমধ্যে অযোধ্যাত উপস্থিত শ্ৰীৰাম চৰণ পাদুকা যাত্ৰা। ভিন্নৰূপত সজোৱা হৈছে অযোধ্যাৰ ৰাস্তা-পদূলি।

শ্ৰীৰাম চৰণ পাদুকা যাত্ৰা ইতিমধ্যে উপস্থিত হৈছে অযোধ্যাৰ কৰসেৱকপুৰমত। ৰাম মন্দিৰৰ বাবে আলীগড়ৰ ভক্তসকলে নিৰ্মাণ কৰিছে ৪০০ কিলোগ্ৰাম ওজনৰ এটা বিশেষ তলা। এই তলা নিৰ্মাণৰ বাবে প্ৰয়োজন হয় ছমাহ সময়ৰ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ভক্তসকলে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে তৈয়াৰ কৰিছে ৫৬ বিধ ভোগ। কেৱল অযোধ্যাতে নহয়, দেশৰ আন ৰাজ্যসমূহতো দেখা গৈছে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ ৰাম ভক্তসকলৰ বিশেষ তৎপৰতা। ছুৰাটৰ একাংশ ছাত্ৰই ১১ ফুট উচ্চতাৰ ৰাম, লক্ষ্মণ, জানকী আৰু হনুমানৰ মূৰ্তি নিৰ্মাণ কৰাৰ বিপৰীতে মুম্বাইত উলিওৱা হৈছে বিশেষ ৰেলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...