তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ল প্ৰাক্তন পাকিস্তানী ক্রিকেটাৰ ছোৱেইব মালিক

ভাৰত-পাক ক্ৰীড়াক্ষেত্রত চাঞ্চল্য, অৱশ্যে ক্রীড়া সাফল্যৰ বাবে নহয়

ছানিয়া মিৰ্জাক বিচ্ছেদ নিদিয়াকৈ পুনৰ বিবাহপাশত ছোৱেইব মালিক

প্রাক্তন পাক অধিনায়ক ছোৱেইবৰ বিবাহ অভিনেত্রী ছানা জাভেদৰে

পূৰ্বেৰ ২ পত্নী আয়েছা ছিদ্দিকি, ছানিয়াৰ দৰেই ছানাৰো আছে হায়দৰাবাদ সংযোগ

তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ল পাকিস্তান ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ছোৱেইব মালিক। হায়দৰাবাদৰ আয়েছা ছিদ্দিকি, ছানিয়া মিৰ্জাৰ পাছত ছোৱেইবৰ তৃতীয় পত্নী হ’ল পাকিস্তানৰ অভিনেত্রী ছানা জাভেদ। বৰ্তমানৰ পত্নী প্রখ্যাত টেনিছ তাৰকা ছানিয়া মিৰ্জাৰে বিবাহ বিচ্ছেদ নকৰাকৈয়ে বিয়াত বহিল ছোৱেইব মালিক। ছানিয়া মিৰ্জাৰে সম্ভাব্য বিচ্ছেদৰ প্রসংগই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ মাজতে ছানা জাভেদৰে বিয়াৰ ছবি সামাজিক মাধ্যমত প’ষ্ট কৰি ছোৱেইবে দিলে নতুন খবৰ। ভাৰত আৰু পাকিস্তানৰ ২ ক্রীড়া নক্ষত্রৰ ২০১০ চনৰ ১২ এপ্রিলত হায়দৰাবাদত হোৱা বিয়াৰ খবৰে সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰাৰ দৰে দুয়োৰে মনোমালিন্যৰ প্রসংগয়ো দখল কৰি আহিছিল সংবাদ মাধ্যমৰ শিৰোনাম। আয়েছা ছিদ্দিকি, ছানিয়া মিৰ্জা হায়দৰাবাদৰ হোৱাৰ বিপৰীতে ছোৱেইবৰ নতুন পত্নী ছানা জাভেদৰ পৰিয়ালো উঠি গৈছিল হায়দৰাবাদৰ পৰা।   

ইনষ্টাগ্রামত পৰস্পৰৰ ছবি মচি পেলালে ছানিয়া-ছোৱেইবে

বৰ্তমান অষ্ট্রেলিয়ান অ’পেনৰ ধাৰাভাষ্যকাৰ ৰূপে ব্যস্ত ছানিয়া

বুধবাৰে এটা প’ষ্টত ছানিয়াই দিছিল বিচ্ছেদৰ ইংগিত

বিয়া কঠিন, বিচ্ছেদো কঠিন– লিখিছিল ছানিয়া মিৰ্জাই

ছোৱেইব-ছানিয়াৰ মাজত ব্যৱধান সৃষ্টিৰ আঁৰত আছিল ছানা জাভেদৰে মালিকৰ সম্পৰ্ক। যোৱা বছৰ মাৰ্চত ছানাৰ জন্মদিনত এখন ফটো প’ষ্ট কৰি ছোৱেইব মালিকে লিখিছিল– শুভ জন্মদিন, বন্ধু ছানা। কিন্তু ছানা যে বন্ধু নাছিল, আছিল প্রেয়সী সেয়া প্রমাণিত হ’ল পৰৱৰ্তী সময়ত। ভাৰতীয় টেনিছৰ ৰাণী ছানিয়াৰ জীৱনৰ পৰা ছোৱেইব আঁতৰি গ’লেও ৰৈ গ’ল দুয়োৰে ৫ বছৰীয়া পুত্র ইজহান। টেনিছৰ পৰা অৱসৰ লোৱাৰ পাছত পুত্র ইজহানেই হৈ পৰিছে ছানিয়াৰ জীৱন। কিন্তু ছোৱেইবে আৰম্ভ কৰিলে তেওঁৰ তৃতীয় বৈবাহিক ইংনিছ। শেহতীয়াকৈ বিচ্ছেদ প্রসংগত মুখ খলিছে ছানিয়াৰ পিতৃ ইমৰাণ মিৰ্জাই।

পিতৃৰ মতে শ্বৰিয়ত আইন অনুসৰি ছোৱেইবক বিচ্ছেদ দিছে ছানিয়াই।

‘খুলা’ আইন অনুসৰি বিচ্ছেদ দিলে ছানিয়া মিৰ্জাই

অৱশ্যে এতিয়ালৈকে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা নাই এজনেও। ২ ক্ৰীড়া নক্ষত্রৰ বৈবাহিক জীৱনৰ এই পতনে স্বাভাৱিকতে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...