অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ প্রস্তুতি তুংগত

অযোধ্যাত ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ প্রস্তুতি তুংগত

প্রাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ মূল হোতা প্রধানমন্ত্ৰী ব্যস্ত দক্ষিণৰ মন্দিৰত

তিৰুচিৰাপল্লী শ্রীৰংগনাথ স্বামী মন্দিৰত পূজা-অৰ্চনা নৰেন্দ্র মোদী

মন্দিৰত এটা হাতীৰে মোদীৰ সাহচৰ্যৰ ফটো সামাজিক মাধ্যমত ভাইৰেল

অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ মূৰ্তি প্রতিষ্ঠা হ’ল। এতিয়া  সকলোৰে অপেক্ষা ২২ জানুৱাৰীৰ সেই ঐতিহাসিক মুহূৰ্তলৈ, যি মুহূৰ্তত মংগলাচাৰণেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ মূৰ্তিৰ। তাৰ পূৰ্বে এই প্রাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ মূল হোতা প্রধানমন্ত্ৰী ব্যস্ত হৈ আছে মহাকাব্য  ৰামায়ণত উল্লিখিত স্থানসমূহত থকা মন্দিৰ পৰিদৰ্শনত। শনিবাৰে নৰেন্দ্র মোদী উপস্থিত হ’লগৈ তিৰুচিৰাপল্লীৰ ঐতিহাসিক শ্রীৰংগনাথ স্বামী মন্দিৰত।   

প্রধানমন্ত্ৰীৰ এই মন্দিৰ পৰিদৰ্শনৰ ছবি ইতিমধ্যে হৈছে ভাইৰেল

মন্দিৰৰ এণ্ডাল নামৰ হাতীটোৱে শুঁৰ ডাঙি মোদীক দিলে আশীৰ্বাদ

২৪ ছেকেণ্ডৰ এটা ভিডিঅ’ত দেখা গৈছে মোদী-এণ্ডালৰ আকৰ্ষণীয় দৃশ্য

মোদীয়ে দাঙি দিয়া এটা ‘মাউথ অৰ্গেন’ বজাই শুনালে হাতীটোৱে    

ভগৱান বিষ্ণুৰে জড়িত এই মন্দিৰত ৰামায়ণৰ প্রাচীন সংস্কৰণ কাম্বাৰামায়ণৰ উদ্ধৃতিও শুনিলে প্রধানমন্ত্ৰী মোদীয়ে। প্রাচীন কবি কাম্বাৰে শ্রীৰংগনাথ স্বামী মন্দিৰত প্রথম ৰামায়ণ পাঠ কৰিছিল। প্রথমবাৰলৈ কোনো প্রধানমন্ত্ৰীয়ে এই মন্দিৰ দৰ্শন কৰাক লৈ আনন্দিত হৈ পৰিছে মন্দিৰ কৰ্তৃপক্ষ। ইয়াৰ পাছতে প্রধানমন্ত্ৰীয়ে দৰ্শন কৰে ৰামেশ্বৰমৰ প্রখ্যাত আৰুলমিগু ৰামানাথস্বামী মন্দিৰ।      

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...