আজি অসমলৈ অমিত শ্বাহ, তেজপুৰ আৰু গুৱাহাটীত শ্বাহৰ ৯টা কাৰ্যসূচী

৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহিছে অমিত শ্বাহ। বৃহস্পতিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীজন। শ্বিলংস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰে চাইবাৰ সুৰক্ষা কাৰ্যকৰী কেন্দ্ৰ। বৃহস্পতিবাৰে নিশাটো শ্বিলঙত কটায় কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। আজি উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশ ল’ব অমিত শ্বাহে।

ইয়াৰ পিছত বিয়লি শ্বিলঙৰ পৰা তেজপুৰলৈ আহিব অমিত শ্বাহ। তেজপুৰত মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। বিয়লি ৪.৩০ বজাত অমিত শ্বাহে দৰ্শন কৰিব মহাভৈৰৱ মন্দিৰ। সন্ধিয়া ৬.৩০ বজাত শ্বাহ উপস্থিত হ’ব তেজপুৰ বিশ্ববিদ্যালয়ত। ভূপেন হাজৰিকাৰ স্মৃতিত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত অংশ ল’ব শ্বাহে। শুকুৰবাৰে নিশাটো তেজপুৰত কটাব গৃহমন্ত্ৰী অমিত শ্বাহে।

শনিবাৰে পুৱা ১০ বজাত তেজপুৰত SSBৰ প্ৰতিষ্ঠা দিৱসত অংশ ল’ব শ্বাহে। দুপৰীয়া ১২ বজাত ঢেকিয়াজুলীত আয়োজিত বাথৌ মহাসভালৈ যাব অমিত শ্বাহ। ঢেকিয়াজুলীৰ পৰা শনিবাৰে বিয়লি গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আনহাতে, গুৱাহাটীত ৩টাকৈ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে। সৰুসজাইত ২ বজাত শ্বাহে অংশ ল’ব অসম আৰক্ষী কমাণ্ডোৰ সমাৱৰ্তনত। বিয়লি ৪.৩০ বজাত কলাক্ষেত্ৰত মুকলি কৰিব লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ। সন্ধিয়া ৬ বজাত শ্বাহে মুকলি কৰিব পাণবজাৰত লুইতৰ পাৰত নিৰ্মিত উদ্যান। ইতিমধ্যে অমিত শ্বাহে ভ্ৰমণ কৰিব লগা স্থানসমূহত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...