ঢেকিয়াজুলি, ৰঙাপাৰাৰ ১২,৭৯০টা পৰিয়ালৰ ৫৯,৮৪০ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সমষ্টিটোৰ নতুনকৈ ৰেছনকাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ৰেছনকাৰ্ড বিতৰণ কৰে। ইয়াৰ উপৰি আজি আবেলি মন্ত্ৰীগৰাকীয়ে ৰঙাপাৰা বিধানসভা সমষ্টিৰ ৬,২১২ টা পৰিয়ালৰ ২৬,১২৫ গৰাকী নতুন হিতাধিকাৰীক নতুনকৈ ৰেছনকাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ শাসনাধিষ্ঠিত দলটোৰ “আপোনালোকেও খাওক, আমাকো খুৱাওক” নীতিৰ বিপৰীতে “নিজেও নাখাওঁ, আনকো খাবলৈ নিদিওঁ” নীতিৰে বৰ্তমানৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে কাম কৰি আছে।

ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীকে ৰেছনকাৰ্ড প্ৰদানৰ মাধ্যমেৰে বিনামূলীয়া চাউল, ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য বীমা আদি সুবিধা প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কেবিনেট সিদ্ধান্ত অনুসৰি সমগ্ৰ ৰাজ্যত খাদ্য সুৰক্ষা আইনৰ অধীনত নতুনকৈ ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীক সামৰি ১০,৭৩,৪৮৯ টা নতুন পৰিয়ালক ৰেচন কার্ড প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে। সেই অনুসৰি সমগ্ৰ ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে এই নতুন ৰেচন কাৰ্ডসমূহ বিতৰণৰ কাম আৰম্ভ কৰা হৈছে। এই সকলো নতুন হিতাধিকাৰীৰ বাবে এই জানুৱাৰী মাহৰ পৰাই বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰেচন কার্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কার্ডৰ জৰিয়তে বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰাৰ লগতে ৰেচন কার্ড প্ৰাপ্ত পৰিয়ালৰ যিসকলৰ বৰ্তমানে ৰন্ধন গেছ ৰ সংযোগ নাই তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগৰ সুবিধাও লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। দেশৰ প্ৰত্যেক গৰাকী ব্যক্তিৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ তথা এক পৰিপুষ্ট সমাজৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যাত্ৰাত অসম চৰকাৰৰ ই এক উল্লেখযোগ্য বৰঙণি বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে গাওঁ পঞ্চায়ত আৰু পৌৰ নিকায়ৰ জনপ্ৰতিনিধিসকল তথা হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...