গৰু চোৰে টোপনি হৰিছে মৰিগাঁৱৰ জনতাৰ

মৰিগাঁওবাসীৰ নিদ্ৰা হৰিছে গৰু চোৰে। চাৰিচকীয়া বাহনেৰে কুমৈত প্ৰৱেশ কৰিলে চোৰৰ এটা দলে। প্ৰথমে দুটা গৰু গাড়ীত ভৰালে। তৃতীয়টো খুলি থাকোঁতেই সাৰ পালে গৃহস্থই। বাহন পলাল। ৰৈ গ’ল এটা চোৰ। সেই চোৰটোক উত্তম-মধ্যম শোধালে ৰাইজে। লেবেজান হৈ পৰা চোৰৰ চিকিৎসালয়ত মৃত্যু। আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি উত্তেজিত ৰাইজৰ।

গৰু চোৰে টোপনি হৰিছে মৰিগাঁৱৰ জনতাৰ
কুমৈত গণপ্ৰহাৰৰ বলি হোৱা চোৰৰ চিকিৎসালয়ত মৃত্যু
গৰু ঘূৰাই লাগে
আৰক্ষীৰে তৰ্কাতৰ্কি উত্তেজিত লোকৰ

মৰিগাঁৱৰ কুমৈত পুৱতি নিশা ৪ মান বজাত প্ৰৱেশ কৰিলে চোৰে। চোৰৰ দলটো আহিছিল চাৰিচকীয়া বাহনত। দুটা গৰু গাড়ীত তুলি তৃতীয়টো গোঁহালিৰ পৰা পঘা খুলি থাকোঁতেই সাৰ পালে গৃহস্থ। লগে-লগে বাহন লৈ পলায়ন। ৰৈ গ’ল এটা চোৰ। জিতু দাস নামৰ চোৰটোক কৰায়ত্ত কৰিলে ৰাইজে।

তাৰ পাছতেই ৰাইজে উত্তম-মধ্যম শোধালে চোৰক। মুমূৰ্ষু অৱস্থাত চোৰটোক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ভৰ্তি কৰোৱালে চিকিৎসলায়ত। কিন্তু ইতিমধ্যে ৰাইজৰ প্ৰহাৰত লেবেজান হৈ পৰা চোৰৰ মৃত্যু হয় চিকিত্‍সালয়ত।

গৰু চুৰি কুমৈত এদিনৰ ঘটনা নহয়। প্ৰায়ে খাটীখোৱা লোকৰ গোঁহালিৰ গৰু টাৰ্গেট কৰে চোৰে। অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। নিশা ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা চোৰটোৰ ঘৰ কাৰ্বি আংলঙত বুলি জানিব পৰা গৈছে। কিন্তু বাকীকেইটা চোৰ পলাল। আৰক্ষীয়ে উলিয়াই দিব লাগে গৰু। দাবী এওঁলোকৰ।

মৰিগাঁৱত সঘনে সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। কিছুদিন পূৰ্বে ৰহাৰ সমীপত ৰাইজৰ প্ৰহাৰত প্ৰাণ গৈছিল আৰু এটা চোৰৰ। তাৰ পাছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। কিন্তু মৰিগাঁৱত কমা নাই চোৰৰ অতপালি। অতিষ্ঠ জনতাই মৰিয়াই হত্যা কৰিলে চোৰক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...