শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দূৰণিবটীয়া বাছ সেৱা

হঠাৎ লখিমপুৰত পেট্ৰল-ডিজেল বিচাৰি হাহাকাৰ ৰাইজৰ। অধিকাংশ পেট্ৰল পাম্পতেই ইন্ধন শেষ। যি দুই এটা পাম্পত ইন্ধন উপলব্ধ তাত শ শ গাড়ী-বাইক। কোনোবাই বটলত, কোনোবাই গেলনত ভৰালে পেট্ৰল-ডিজেল। চৰকাৰে আনিব বিচৰা হিট এণ্ড ৰান আইনৰ বিৰোধিতাৰ প্ৰভাৱ ৰাজ্যৰ ভিন্ন প্ৰান্তত। অনিশ্চয়তাত ৰাজ্যবাসী।

হঠাত লখিমপুৰৰ পেট্ৰল পাম্পত এইদৰে শ শ বাইক-গাড়ীৰ ভিৰ। কোনোবাই হাতত লৈ আনিছে গেলন। কোনোবাই আনিছে আধা লিটাৰ, ১ লিটাৰৰ পানী বটল। উদ্দেশ্য এটাই নিজৰ বাহনখনত ইন্ধান ভৰাব লাগে। পাৰিলে বটল, গেলনত মজুত ৰাখিব লাগে অলপ।
লখিমপুৰ চহৰত আছে ৭টা পেট্ৰ’ল পাম্প
তাৰে এটা পাম্পতহে উপলব্ধ ইন্ধন
হাহাকাৰ হোৱাৰ শংকাতেই এই খৰখেদা

কোনোবাই ডেৰঘন্টা ধৰি শাৰী পাতিছে পেট্ৰল পাম্পত। কোনোবাই ইটোৰ পাছত সিটো পেট্ৰল পাম্প ঘূৰি অৱশেষত আহিছে CD ৰোডৰ ব্ৰহ্মপুত্ৰ ফিলিঙ ষ্টেশ্যনলৈ। কোনোবাই নিশা ৰৈ ৰৈ নাপাই পুনৰ আহিছে পুৱা।

কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনা সম্পৰ্কত আনিছে এখন নতুন আইন। সেই ‘হিট এণ্ড ৰান’ মটৰ আইনেৰে হাৰাশাস্তি কৰাৰ ব্যৱস্থা বুলি অভিযোগ তুলিছে একাংশ চালকে।
শুকুৰবাৰৰ পৰা ৰাজ্যুজৰি বন্ধ থাকিব দূৰণিবটীয়া বাছ সেৱা
পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব দিবা-নৈশ বাছ

সংবাদমেলযোগে অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই ঘোষণা কৰিলে এই কথা। ৫-৬ জানুৱাৰীত পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নেও ধৰ্মঘট ঘোষণা কৰিছে।
তেল, গেছ পৰিবহণ বন্ধ কৰিব সংগঠনটোৱে
৪৮ ঘণ্টাৰ বাবে ৰে’ল, বিমানতো ইন্ধন যোগান নধৰে। হাহাকাৰ নিশ্চিত। তাৰেই পোনপটীয়া প্ৰভাৱ দেখিবলৈ পোৱা গল লখিমপুৰত। কেৱল লখিমপুৰেই নহয়। ৰাজ্যজুৰি এনে অৱস্থাৰ সৃষ্টি হব নেকি। অনিশ্চয়তাত সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...