ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক

ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক। এই ভূমিকম্পৰ পিছতে সৰু বৰ ২০টা জোকাৰণি। আফটাৰ শ্ব’কো ৰিখটাৰ স্কেলত প্ৰায় ৬.৫ প্ৰাবল্যৰ। ভূমিকম্পৰ পিছতে ছুনামিৰ আশংকা। ওখ স্থানলৈ স্থানান্তৰ কৰা হৈছে বহু লোকক।

৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক
সংহাৰী ছুনামিৰ আশংকাত কম্পমান উপকূলীয় অঞ্চল
২ ঘণ্টাত ২০টাকৈ কম্পন
৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতো আহিছে ইটোৰ পিছত সিটো ভূমিকম্প
আফটাৰ শ্ব’কত কপি ৰৈছে জাপানৰ বিস্তীৰ্ণ অঞ্চল
এই ভূমিকম্প ৰিখটাৰ স্কেলত ৫ৰ পৰা ৬.৫ প্ৰাবল্যৰ

২০১১ চনৰ ১১ মাৰ্চৰ পৰিস্থিতি পুনৰ উদ্ভৱ হোৱাৰ আশংকা জাপানত। নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জাপানক জোকাৰি যোৱাৰ পিছতে ছুনামিৰ প্ৰবল আশংকা প্ৰকট হৈছে।

৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতো আহিছে ইটোৰ পিছত সিটো ভূমিকম্প
আফটাৰ শ্ব’কত কপি ৰৈছে জাপানৰ বিস্তীৰ্ণ অঞ্চল
এই ভূমিকম্প ৰিখটাৰ স্কেলত ৫ৰ পৰা ৬.৫ প্ৰাবল্যৰ

ভূমিকম্প অহাৰ সময়ত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় সৰ্বত্ৰ। শ্ব’পিংমল ৰে’ল ষ্টেচন আদিত হাহাকাৰ লাগে।
বিধ্বস্ত হৈ পৰিছে বাটপথ। তাচপাতৰ ঘৰৰ দৰে খহিছে অট্টালিকা। জাপানৰ ন’টো অঞ্চলত বিস্তৰ ক্ষতি হৈছে।

দেশখনত জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা
ওখ স্থানলৈ স্থানান্তৰ কৰা হৈছে বহু লোকক
ভূমিকম্পৰ সময়ত ৫ মিটাৰ পৰ্যন্ত উঠিছে সাগৰীয় ঢৌ
বুলেট ট্ৰেইনৰ চলাচলো সাময়িকভাৱে ৰখা হৈছে বন্ধ

সঘনে ভূমিকম্পই জোকাৰি থকা জাপানক ২০১১ চনত ছুনামিয়ে তচনচ কৰিছিল। সেই দুঃসহ স্মৃতি এতিয়াও আঁতৰ হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...