ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক

ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক। এই ভূমিকম্পৰ পিছতে সৰু বৰ ২০টা জোকাৰণি। আফটাৰ শ্ব’কো ৰিখটাৰ স্কেলত প্ৰায় ৬.৫ প্ৰাবল্যৰ। ভূমিকম্পৰ পিছতে ছুনামিৰ আশংকা। ওখ স্থানলৈ স্থানান্তৰ কৰা হৈছে বহু লোকক।

৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে জাপানক
সংহাৰী ছুনামিৰ আশংকাত কম্পমান উপকূলীয় অঞ্চল
২ ঘণ্টাত ২০টাকৈ কম্পন
৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতো আহিছে ইটোৰ পিছত সিটো ভূমিকম্প
আফটাৰ শ্ব’কত কপি ৰৈছে জাপানৰ বিস্তীৰ্ণ অঞ্চল
এই ভূমিকম্প ৰিখটাৰ স্কেলত ৫ৰ পৰা ৬.৫ প্ৰাবল্যৰ

২০১১ চনৰ ১১ মাৰ্চৰ পৰিস্থিতি পুনৰ উদ্ভৱ হোৱাৰ আশংকা জাপানত। নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰিখটাৰ স্কেলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পই জাপানক জোকাৰি যোৱাৰ পিছতে ছুনামিৰ প্ৰবল আশংকা প্ৰকট হৈছে।

৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতো আহিছে ইটোৰ পিছত সিটো ভূমিকম্প
আফটাৰ শ্ব’কত কপি ৰৈছে জাপানৰ বিস্তীৰ্ণ অঞ্চল
এই ভূমিকম্প ৰিখটাৰ স্কেলত ৫ৰ পৰা ৬.৫ প্ৰাবল্যৰ

ভূমিকম্প অহাৰ সময়ত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় সৰ্বত্ৰ। শ্ব’পিংমল ৰে’ল ষ্টেচন আদিত হাহাকাৰ লাগে।
বিধ্বস্ত হৈ পৰিছে বাটপথ। তাচপাতৰ ঘৰৰ দৰে খহিছে অট্টালিকা। জাপানৰ ন’টো অঞ্চলত বিস্তৰ ক্ষতি হৈছে।

দেশখনত জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা
ওখ স্থানলৈ স্থানান্তৰ কৰা হৈছে বহু লোকক
ভূমিকম্পৰ সময়ত ৫ মিটাৰ পৰ্যন্ত উঠিছে সাগৰীয় ঢৌ
বুলেট ট্ৰেইনৰ চলাচলো সাময়িকভাৱে ৰখা হৈছে বন্ধ

সঘনে ভূমিকম্পই জোকাৰি থকা জাপানক ২০১১ চনত ছুনামিয়ে তচনচ কৰিছিল। সেই দুঃসহ স্মৃতি এতিয়াও আঁতৰ হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...