কেইবা দশকজোৰা ৰক্তক্ষয়ী সংঘাত সমাপ্তিৰ পথত

কেইবা দশকজোৰা ৰক্তক্ষয়ী সংঘাত সমাপ্তিৰ পথত
২৯ ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-চৰকাৰৰ আনুষ্ঠানিক চুক্তি
১৪ বছৰীয়া আলোচনাৰ পৰিসমাপ্তি ঘটাবলৈ দিল্লীত ১৬জনীয়া আলফাৰ নেতৃত্ব
আলফা–চৰকাৰৰ আলোচনা প্ৰক্ৰিয়াক আদৰণি দল সংগঠনৰ

১৪টা বছৰ, কেইবালানিও আলোচনা, অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তিস্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি আলোচনাৰ মেজলৈ অহা আলফাৰ নেতৃত্ব। কিন্তু সাৰ্বভৌমত্বৰ দাবীত আজিও অটল পৰেশ বৰুৱাৰ অ‍বিহনেই হ’ব এই চুক্তি। ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতি চুক্তিত স্বাক্ষৰ কৰিব আলফাৰ নেতৃত্বই। কেন্দ্ৰীয় কমিটীৰ লগতে কৰ্ম পৰিষদৰ ৮ জন সদস্যও থাকিব চুক্তি স্বাক্ষৰৰ সময়ত। চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকিব ১৪ জনগোষ্ঠীয় নেতাও। ইতিমধ্যেই দিল্লীত বাহৰ পাতি আলোচনা প্ৰক্ৰিয়াৰ অন্তিম কাম–কাজ আগবঢ়াই নিছিল অনুপ চেতিয়া আৰু শশঘৰ চৌধুৰীয়ে। বুধবাৰে চুক্তি স্বাক্ষৰৰ বাবে দিল্লীত উপস্থিত হয়গৈ আনসকল নেতা। দিল্লীলৈ যাত্ৰাৰ পূৰ্বে উপ মুখ্য সেনাধক্ষ্য ৰাজু বৰুৱাৰ মন্তব্য জাতীয় অভিৱৰ্তনৰ দাবী চনদতকৈও ওপৰত হ’ব এই চুক্তি। একেদৰে আলোচনাক লৈ আশাবাদি সভাপতি অৰবিন্দ ৰাজখোৱাৰ লগতে শীৰ্ষ নেতৃত্ব।

উল্লেখযোগ্য যে, পি চি জি গঠনৰ জড়িয়তে প্ৰথমে আগবাঢ়িছিল আলোচনাৰ প্ৰক্ৰিয়া। কিন্তু হঠাৎ‍ সেই আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা আহি পৰাত ২০০৮ চনৰ ২৪ জুনত তেতিয়াৰ আলফাৰ আটাইতকৈ দুৰ্ধৰ্ষ বেটেলিয়নৰূপে পৰিচিত ২৮ নম্বৰ বেটেলিয়নৰ A আৰু C গোট জংঘলৰ পৰা ওলাই আহিছিল। ২৮ নম্বৰ বেটেলিয়নৰ সেই আত্মসমৰ্পনকাৰী গোটে তদানিন্তন তৰুণ গগৈ চৰকাৰক আলোচনাৰ বাবে প্ৰদান কৰিছিল কেইবাদফীয়া দাবী চনদ। যিহেতু আলফাৰ সেই গোটত নাছিল কেন্দ্ৰীয় নেতৃত্বৰ অধিকাংশ নেতা গতিকে চৰকাৰে কেবল তেওঁলোকৰ দাবী চনদ গ্ৰহণ কৰা বুলিহে জনাইছিল। ইয়াৰ মাজতে ২০০৯ চনত নাটকীয়ভাৱে কেন্দ্ৰীয় কমিটিৰ গৰিষ্ঠ সংখ্যক নেতা গ্ৰেপ্তাৰ হৈছিল বাংলাদেশত। তাৰ পিছতে তেওঁলোকক প্ৰত্যাপৰ্ণ কৰা হৈছিল ভাৰতলৈ। তাৰ পিছতো শান্তি আলোচনাই লাভ কৰা নাছিল গতি। আলফাৰ নেতৃত্বই হাতত হেণ্ডকাফ লগাই আলোচনা সম্ভৱ নৱয় বুলি কৰিছিল মন্তব্য। ইয়াৰ পিছত ২০১১ চনত আলোচনাৰ স্বাৰ্থত জামিনত মুকলি কৰি দিয়া হৈছিল আলফাৰ জ্যেষ্ঠ নেতা সকলক। আৰু তাৰ পিছতে আলফাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসমৰ একাংশ বুদ্ধিজীৱিয়ে লগ লাগি সন্মিলীত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰক আগবঢ়াইছিল কেইবাশ পৃষ্ঠাজোৰা দাবী চনদ। ৫ আগষ্ট ২০১১ ত এই দাবী চনত কেন্দ্ৰক প্ৰদান কৰিছিল আলফাই। কিন্তু কালক্ৰমত সেই দাবী চনদ কেবল ২৯টা দাবীৰ এখন সৰু চনদত পৰিণত হয়। আৰু তাৰ ভিত্তিতেই বিগত ১৪টা বছৰে আগবাঢ়িছিল কেন্দ্ৰৰ সৈতে আলফাৰ আলোচনা প্ৰক্ৰিয়া। ১৪ বছৰীয়া এই আলোচনাত পুনৰ কেন্দ্ৰ আৰু আলফাই বহু এৰা ধৰা কৰিছে। স্বাক্ষৰিত হ’ব লগীয়া চুক্ৰিত কি থাকিব বিতংভাৱে কোনো এটা পক্ষই সদৰি কৰা নাই যদিও আলফাৰ ইৗংগিত অনুসৰি এই চুক্তিত আছে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ কথা আৰু লগতে অসমীয়াৰ ভূমিৰ অধিকাৰৰ কথা। ইফালে আলফা চৰকাৰৰ চুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চৰকাৰক সকীয়নি অসমত মুক্ত গুলীৰ ৰাজত্ব নহ’ব।

একেদৰে আলফাৰে চৰকাৰৰ ত্ৰিপাক্ষীক চুক্তিক আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য পৰেশ বৰুৱাৰ সৈতেও আলোচনাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰক।

কিন্তু আলফাই কেন্দ্ৰৰ টোপ গিলিবলৈ ওলোৱা বুলি কৈ আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছে। তাৰ বিপৰীতে ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আলফাৰে চুক্তি স্বাক্ষৰৰ পিছতে পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ কথা গুৰুত্ব সহকাৰে ল’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড

অসম আৰক্ষীতে হৈছে কি? গুৱাহাটীৰ পিছত নাজিৰাত আৰক্ষীৰ কাণ্ড।...

পিতৃ নাই, ঘৰত কেৱল মাতৃ আৰু ভগ্নী… আপুনি-মই ভবাতকৈ হয়তো বহু কঠিন জ্ঞানদীপৰ জীৱন

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই...

আজি “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”

আজি "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস"। ১৬ নৱেম্বৰত দেশজুৰি পালন কৰা...

ৰাজ্য কঁপোৱা ফাঁচী বজাৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অসম আৰক্ষীলৈ কি আহ্বান মুখ্যমন্ত্ৰীৰ?

গুৱাহাটীৰ ফাঁচীবজাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য। ডেলিভাৰী বয়ক আৰক্ষী বিষয়াই...