গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাষ্যত তোলপাৰ দেশ

‘ভাৰতত গৰুক ভগৱান হিচাপে পূজা কৰা হয়’
‘গো–হত্যা কৰিলে ভগৱানে ক্ষমা নকৰে’
উচ্চ ন্যায়ালয়ৰ ভাষ্যত তোলপাৰ দেশ

গো–হত্যাক লৈ দেশত অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত গুজৰাট উচ্চ ন্যায়ালয়ে এক ৰায়ৰ সন্দৰ্ভত কৰিলে এই বিশেষ মন্তব্য। কেৱল গো–হত্যাই নহয়-
‘গৰুৰ ওপৰত অত্যাচাৰ কৰিলেও ক্ষমা নকৰে ভগৱানে’
পথত গৰুৰ বাবে দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পোৱাৰ প্ৰসংগত এক ৰায় দিবলৈ…

কিন্তু গৰুক ভাৰতত ভগৱান হিচাপে পূজা কৰা আৰু গৰু হত্যা কৰিলে ভগৱানে ক্ষমা নকৰে বুলি কৰা মন্তব্যই তোলপাৰ লগাইছে দেশ। প্ৰশ্ন উঠিছে বিভিন্ন ধৰ্মালম্বী লোকে বাস কৰা ভাৰতত আদালতৰ এনে মন্তব্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নেকি? কাৰণ অহিন্দু বহুলোকৰ খাদ্যভাসত আছে গো মাংস। ভাৰতত বিভিন্ন ধৰ্মালম্বী লোক আছে। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধৰ উপৰি পৰম্পৰাগত ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোকেৰে ভৰি থকা ভাৰতত গো হত্যাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয়। হিন্দুক বাদ দি বিভিন্ন ধৰ্মালম্বী লোকৰ গো মাংস ভক্ষণ কৰাতো পৰম্পৰা। এনে অৱস্থাত গুজৰাট উচ্চ ন্যায়ালয়ৰ এক ভাষ্য তোলপাৰ লগাইছে দেশ। এক দুৰ্ঘটনাৰ আলম লৈ গুজৰাট উচ্চ ন্যায়ালয়ে কৰিলে এই বিশেষ মন্তব্য।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...