ৰোলবল লীগ ‘চেম্পিয়নছ ট্ৰফী’ৰ চেম্পিয়ন ছুপাৰ স্কোৱাড: মিলন বৰদলৈ শ্ৰেষ্ঠ খেলুৱৈ

অসম ৰোল বল সন্থাই তিনিদিনীয়াকৈ আয়োজন কৰা ৰোমাঞ্চকৰ ৰোল বল লীগ চেম্পিয়ন ট্ৰফী সোমবাৰে সামৰণি পৰে। দিছপুৰৰ ৰুদ্ৰ সিংহ গ্ৰাউণ্ডত পাঁচটা দলৰ লীগত চেম্পিয়নছ ট্ৰফী লাভ কৰিলে ছুপাৰ স্কোৱাডে। প্ৰথম ৰাণাৰ আপ হয় ছাইলেণ্ট কিলাৰ আৰু দ্বিতীয় ৰাণাৰ আপ হয় চেলেঞ্জাৰ্ছ দলে। ফাইনেলৰ শ্ৰেষ্ঠ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় মিলন বৰদলৈ আৰু মৌৰ্য দাসে লাভ কৰে শ্ৰেষ্ঠ কীপাৰৰ সন্মান। উত্তেজনাপূৰ্ণ ফাইনেলত ৯-৮ গ’লত বিজয়ী হয় ছুপাৰ জায়েন্টছ দল । এটা সময়ত মেচখন ৬-৬ গ’লত হয় যদিও ছাইলেণ্ট কীলাৰে অন্তিম মূহুৰ্তত হাৰ মানে। তৃতীয় স্থানৰ মেচত চেলেঞ্জাৰ্ছ দলে ৭-৪ গ’লত পৰাস্ত কৰে উলফ গেং দলক।

উল্লেখ্য যে, ২৩ ডিচেম্বৰত চেম্পিয়নছ লীগৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ ক্ৰীড়া সচিব কৌছাৰ জামিল হিলালীয়ে ৰোলবলৰ দৰে উত্তেজনাৰে ভৰা খেলবিধক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে পৃষ্ঠপোষকতা কৰাৰ আশ্বাস দিয়ে। গুৱাহাটীৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, মিৰ্জা, আজাৰা, বিজয় নগৰ অঞ্চলৰ অৰ্ধশতাধিক স্কেটাৰে অংশগ্ৰহণ কৰা চেম্পিয়নছ ট্ৰফীৰ মুঠ প্ৰাইজমানিৰ পৰিমাণ ৩০ হেজাৰ টকা। সামৰণি অনুষ্ঠানত উপস্থিত থাকি ট্ৰফী আৰু প্ৰাইজমানি বিতৰণ কৰে অৱসৰপ্ৰাপ্ত উপায়ুক্ত আবচাৰ আলী হাজৰিকা, গায়িকা পাহাৰী শ‌ইকীয়া দাস, অসম ৰোলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদ, সমাজকৰ্মী দুলাল বৰগোহাঁই আদিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...