আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মুখথেকেচা ড’নাল্ড ট্ৰাম্পৰ

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে ২০২৪ চনৰ ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে যুক্তৰাষ্ট্ৰত চলিছে ব্যাপক কুচকাৱাজ। ৰিপাব্লিকান দলৰ হৈ পুনৰ প্ৰাৰ্থিত্ব বিচাৰিছে পূৰ্বৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ হোৱাইট হাউছলৈ যাত্ৰাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে এখন আদালত।

পৰৱৰ্তী নিৰ্বাচন খেলাৰ যোগ্যতা হেৰুৱালে ড’নাল্ড ট্ৰাম্পে
কল’ৰাডোৰ ছুপ্ৰীম ক’ৰ্টৰ এই সিদ্ধান্তৰ ফলত বিপদত ট্ৰাম্প

২০২৪ত অনুষ্ঠিত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ’ব বিচাৰিছে ড’নাল্ড ট্ৰাম্পে। ইতিমধ্যে ইয়াৰ বাবে তেওঁ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। কিন্তু তাৰ মাজতে ট্ৰাম্পৰ বাবে আহিল বেয়া খবৰ। ২০২১ চনৰ ৬ জানুৱাৰীত ৱাশ্বিংটনৰ কেপিটেল হিলত ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে চলাইছিল ধ্বংসলীলা। সমৰ্থকক উচটনি দিয়া বুলি সমালোচিত হৈছিল ড’নাল্ড ট্ৰাম্প। সেই কাৰ্যৰ বাবে ক’লৰাডোৰ ছুপ্ৰীম ক’ৰ্টে ট্ৰাম্পক অভিযুক্ত কৰি অযোগ্য ঘোষণা কৰিছে নিৰ্বাচনত অংশ লোৱাৰ বাবে। ন্যায়ালয়ৰ এই ৰায় অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ক’লৰাডোৰ প্ৰাথমিক নিৰ্বাচনৰ বাবে প্ৰযোজ্য যদিও ইয়াৰ প্ৰভাৱ অহা ৫ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰিব বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে। আমেৰিকাৰ সংবিধানৰ যি ধাৰাত ট্ৰাম্পক অযোগ্য ঘোষণা কৰিলে সেই ধাৰাৰ খুব কম প্ৰয়োগ হৈছে যদিও প্ৰাক্তন ৰাষ্ট্ৰপতিজনে ৰেহাই নাপালে।

আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছত প্ৰৱেশৰ অযোগ্য ঘোষিত প্ৰথমগৰাকী ৰাষ্ট্ৰপতি পদ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প। এই ৰায়ৰ বিৰুদ্ধে আমেৰিকাৰ ছুপ্ৰীম ক’ৰ্টত আবেদন জনাব ট্ৰাম্পে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ অন্তিম সীমা ৪ জানুৱাৰী।

ক’লৰাডোৰ ভোটাৰ সকলৰ একাংশই ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ তৰিছিল। সেই গোচৰ পৰিপ্ৰেক্ষিতত এই ৰায় প্ৰদান কৰে কল’ৰাডোৰ উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীসকলক সমৰ্থন জনাইছিল চিটিজেন্ছ ফৰ ৰেছপনছিবিলিটী এণ্ড এথিক্ছ ইন ৱাশ্বিংটন নামৰ এটা সংগঠনে। কেপিটেল হিলৰ আক্ৰমণৰ আঁৰত ট্ৰাম্পৰ প্ৰৰোচনা আছে বুলিও অভিযোগ আনি তেওঁলোকে গোচৰটোত উল্লেখ কৰিছিল। ট্ৰাম্পৰ বিৰুদ্ধে ন্যায়ালয়ত এতিয়াও চলি আছে আৰু চাৰিটা গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...