তেজেৰে ৰাঙলী হ’ল ৰাস চলি থকা নামঘৰৰ চৌহদ

সোমবাৰে নিশা দুটাকৈ নৃশংস হত্যাকাণ্ডই কঁপাই গ’ল গহপুৰৰ পূৱ কলাবাৰীৰ দেউৰীচুক। ৰাসৰ ভাও দিয়াক লৈ আৰম্ভ হোৱা বাক বিতণ্ডাৰ পৰিণতিতে পিতা-পুত্ৰক হানি-খুঁছি হত্যা তিনিজন লোকৰ। সোমবাৰে নিশা প্ৰায় ১০ বজাত ৪৭ বছৰীয়া হিতেশ্বৰ শইকীয়া আৰু তেওঁৰ পুত্ৰ ২৫ বছৰীয়া সীমান্ত শইকীয়াৰ হত্যাত শোকাকুল পৰিবেশে বিৰাজ কৰে তেওঁলোকৰ ঘৰখনত। তদন্ত আৰম্ভ কৰি গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ অভিযুক্ত অকন বৰদলৈ, মদন বৰদলৈ আৰু তেওঁলোকৰে পিতৃ কৃষ্ণ বৰদলৈক।

তেজেৰে ৰাঙলী ৰাস চলি থকা নামঘৰৰ চৌহদ
নামঘৰৰ দুৱাৰমুখতে পিতা-পুত্ৰক হানি-খুঁছি হত্যা

গাৰ নোম শিয়ৰি উঠা এই ঘটনা গহপুৰৰ পূৱ কলাবাৰীৰ দেউৰীচুকৰ। নামঘৰৰ চৌহদৰ কাষৰ পথত পৰি আছে ৪৭ বছৰীয়া হিতেশ্বৰ শইকীয়াৰ ৰক্তাক্ত মৃতদেহ। কিছু আঁতৰত তেজেৰে তুমুৰলি হৈ মৰণ কাতৰ আৰ্তনাদ হিতেশ্বৰ শইকীয়াৰ পুত্ৰ ২৫ বছৰীয়া সীমান্ত শইকীয়া। পিতৃৰ মৃত্যুৰ কিছুসময় পিছত পুত্ৰৰো মৃত্যু হয়। তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে। তিনি হত্যাকাৰী অকণ বৰদলৈ, মদন বৰদলৈ আৰু তেওঁলোকৰে পিতৃ কৃষ্ণ বৰদলৈ। হত্যাৰ কাৰণ আপোনাৰ কল্পনাৰো অতীত। ৰাসত ভাও নোপোৱা বাবেই এই নৃশংস হত্যা।

এই শিহৰণকাৰী ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ নিহত হিতেশ্বৰ শইকীয়া আৰু সীমান্ত শইকীয়াৰ ঘৰত সৃষ্টি কৰিছে শোকাকূল পৰিবেশৰ।

২ নং দেউৰীচুক নামঘৰত সোমবাৰে নিশা অনুষ্ঠিত হৈছিল শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। অসুৰৰ ভাও দিবলৈ ইচ্ছা কৰিছিল অভিযুক্ত কৃষ্ণ বৰদলৈৰ বোৱাৰীয়েকে। কিন্তু বৌয়েকক বাধা দিয়ে দেওৰেক অকণ বৰদলৈয়ে। ৰাসৰে স্বেচ্ছাসেৱক নিহত সীমান্ত শইকীয়াই মহিলাগৰাকীক ভাও দিবলৈ উদ্গনি যোগায়। তাকে লৈ আৰম্ভ হয় বাক-বিতণ্ডা। লগে লগে কাজিয়াত বাধা দিবলৈ আগবাঢ়ি আহে সীমান্ত শইকীয়াৰ পিতৃ হিতেশ্বৰ শইকীয়া। এই বাক-বিতণ্ডা আৰু কাজিয়াই এনে এটা ৰূপ পায় যে নিশা প্ৰায় ১০ বজাত নামঘৰৰ সন্মুখৰ পথতে ৰাসত ভাও দিব খোজা মহিলাগৰাকীৰ স্বামী মদন বৰদলৈ, দেওৰেক অকণ বৰদলৈ আৰু শহুৰেক কৃষ্ণ বৰদলৈয়ে হানি খুঁছি হত্যা কৰে সীমান্ত শইকীয়া আৰু পিতৃ হিতেশ্বৰ শইকীয়াক।

দুটি সন্তানৰ পিতৃ সীমান্ত আৰু তেওঁৰ পিতৃ হিতেশ্বৰ শইকীয়াৰ এই লোমহৰ্ষক হত্যাত একপ্ৰকাৰ হতভম্ভ গাঁৱৰ ৰাইজ। হত্যকাৰীৰ ফাঁচীৰ দাবী তুলিলে স্থানীয় ৰাইজে।

তিনি অভিযুক্ত মদন, অকণ আৰু কৃষ্ণ বৰদলৈক গ্ৰেপ্তাৰ কৰি অনুসন্ধান প্ৰক্ৰিয়া আগবঢ়াই নিছে গহপুৰ আৰক্ষীয়ে। বিয়লি ৩ অভিযুক্তৰ বাসগৃহতো তদন্তকাৰী আৰক্ষীয়ে দীৰ্ঘসময় ধৰি চলালে তালাচী অভিযান। আৰক্ষীয়ে বিচাৰি ফুৰিছে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্ৰ।

নামঘৰৰ চৌহদৰ সন্মুখতে হোৱা এই নৃশংস হত্যাকাণ্ডক লৈ ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়া। বৰ হেপাঁহেৰে গাঁঠীৰ ধন ভাঙি শ্ৰীকৃষ্ণৰ ৰাস আয়োজন কৰিছিল ৰাইজে। এই অবাঞ্চিত ঘটনাই সকলো শেষ কৰি দিলে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...