খেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদ

‘তুমি এজন FIXER…’
কোহলিৰ পিছত এইবাৰ শ্ৰীশান্ত
খেলপথাৰত শ্ৰীশান্ত আৰু গৌতম গম্ভীৰৰ মাজত তুমুল বিবাদ
সামাজিক মাধ্যমত গম্ভীৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শ্ৰীশান্তে
দন্দুৰা বুলি অভিহিত কৰিলে গম্ভীৰক

লেজেণ্ড লীগ ক্ৰিকেট প্ৰতিযোগিতা অব্যাহত আছে। অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ মাজত দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতা। হৰভজন সিং, ইৰফান পাঠান, গৌতম গম্ভীৰ, কেভিন পিটাৰছনৰ দৰে প্ৰাক্তন তাৰকা খেলুৱৈয়েও লৈছে অংশ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ভাৰতৰ এসময়ৰ বেগী বলাৰ এছ শ্ৰীশান্তেও। কিন্তু খেলপথাৰত খেলৰ চৰ্চাতকৈ এতিয়া গম্ভীৰ আৰু শ্ৰীশান্তৰ বিবাদে ক্ৰিকেট মহলত লগাইছে তোলপাৰ। উল্লেখ্য যে, শ্ৰীশান্তৰ গুজৰাট জায়েণ্টছ আৰু গম্ভীৰৰ ইণ্ডিয়া কেপিটেলছৰ মাজৰ খেলত দুয়োৰে মাজত হৈছিল বিবাদৰ সূত্ৰপাত ঘটিছিল। শ্ৰীশান্তক গম্ভীৰে ‘ফিক্সাৰ’ বুলি অভিহিত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন ভাৰতীয় বলাৰজনে। যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে এছ শ্ৰীশান্ত। প্ৰত্যুত্তৰত গম্ভীৰক ‘ফাইটাৰ’ আখ্যা দি কয় যে, যিয়ে কেৱল অন্য খেলুৱৈৰ লগত কাজিয়া কৰি ভাল পায়।

এই আচৰণৰ বাবে গম্ভীৰৰ প্ৰতি থকা সকলো সন্মান নোহোৱা হৈ গৈছে বুলিও উল্লেখ কৰিছে শ্ৰীশান্তে। অৱশ্যে, এয়াই প্ৰথমবাৰলৈ নহয়, চলিত বৰ্ষত অনুষ্ঠিত হোৱা IPLতো বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত হৈছিল তুমুল বিবাদ। খেলপথাৰত দুয়োজন খেলুৱৈৰ মাজত হোৱা মতানৈক্যই লাভ কৰিছিল সৰ্বত্ৰ চৰ্চা। ইপিনে, ২০১৩ চনত IPLত স্পট ফিক্সিঙৰ অভিযোগত শ্ৰীশান্তক ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰিছিল BCCI-এ। অৱশ্যে, উচ্চতম ন্যায়ালয়ে ২০২০ত এই নিষোধাজ্ঞা প্ৰত্যাহাৰ কৰে। আনহাতে, এই বিতৰ্ক সন্দৰ্ভত এতিয়ালৈ একো মন্তব্য আগবঢ়োৱা নাই যদিও গম্ভীৰে Xত কৰিছে বিশেষ পোষ্ট। Smile when the world is all about attention! বুলি লিখে গম্ভীৰে। পৰৱৰ্তী সময়ত এই গম্ভীৰে শ্ৰীশান্তৰ অভিযোগক কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...