২৪ৰ ছেমিফাইনেলত বিজেপিৰ জয় জয়কাৰ

২৪ৰ ছেমিফাইনেলত বিজেপিৰ জয় জয়কাৰ
হিন্দী বলয়ত আকৌ চলিল মোদী মেজিক
৩–১ত বিজেপিৰ বৃহৎ‍ জয়

ৰাজস্থান, চত্তিশগড় হেৰুৱাই তেলেংগানাত জয়ৰ মুখ দেখিলে কংগ্ৰেছে। কাংক্ষিত জয়ৰ পিছতে দলীয় সমৰ্থকৰ আনন্দ উৎ‍সৱ। অভিলেখ সংখ্যক আসমত জয় লাভাৰে মধ্যপ্ৰদেশত পঞ্চমবাৰলৈ শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছত মধ্যপ্ৰদেশত দেখা গ’ল আবতৰীয়া দেৱালী। দমনীয় প্ৰদৰ্শন পিছতে ঢোলে দগৰে নৃত্য কৰি মতলীয়া হ’ল বিজেপি কৰ্মীসকল। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিচতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই জয়ৰ কীৰ্তৃত্ব দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। চৌহানৰ মতে মধ্যপ্ৰদেশৰ মনত আছে মোদী, মোদীৰ মনত আছে মধ্যপ্ৰদেশ। এই চমৎ‍কাৰৰ আঁৰত আছে অমিত শ্বাহৰ নিখুঁত ৰমনীতি।

একেই পৰিৱেশ চত্তিশগড়তো, অকল্পনীয় জয়েৰে কংগ্ৰেছক ক্ষমতাচ্যুত কৰাৰ পিছতে মিঠাই খুৱাই, আনন্দ উল্লাস চত্তিশগড়ৰ বিজেপি কৰ্মীৰ। ইফালে ৰাজস্থানত সলনি নহ’ল ইতিহাস। প্ৰতি ৫ বছৰৰ মূৰে মূৰে ৰাজস্থানত চৰকাৰ সলনিৰ পৰম্পৰা এইবাৰো নহ’ল সলনি। ৰাজস্থানত জয়ৰ পিছতে আনন্দ উৎ‍সৱত মতলীয়া হৈ পৰিল বিজেপি কৰ্মীসকল। ইফালে ২৪ৰ ছেমিফাইনেলৰূপে বিবেচিত হোৱা ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত আশা কৰাতকৈও অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পিছতে দিল্লীৰ বাজপেয়ী ভৱনটো বিজয় উৎ‍সৱত মতলীয়া সকলো। ইজনে সিজনক মিঠাই খুৱাই আনন্দ উল্লাসত মত্ত হয় বিজেপিৰ নেতাকৰ্মীৰ। বিজেপি জয়ী হোৱা তিনি ৰাজ্যতে সমুখৰ পৰা নেতৃত্ব দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কোনো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাকৈ কেবল মোদীৰ মেজিকেই তিনি ৰাজ্যত আনি দিলে কাংক্ষিত বিজয়। সেয়ে বাজপেয়ী ভৱনত বৃহৎ‍ লাড়ুত মোদীৰ চিত্ৰ অংকন কৰি উল্লাস দলীয় কৰ্মীৰ।

ইফালে তেলেংগানা গঠনৰ পিছত প্ৰথমবাৰলৈ কেচিআৰক গাদীচ্যুত কৰি শাসনৰ বাঘজৰী দখল কৰিলে কংগ্ৰেছে। জয়ৰ পিছতে কংগ্ৰেছনেত্ৰী ছোনিয়া গান্ধীক দুগ্ধ শ্নান কৰাই বিজয়োৎ‍সৱ পালন কংগ্ৰেছীৰ। চোনিয়া গান্ধীৰ ফটোত গাখীৰ ঢালি উল্লাস কংগ্ৰেছ কৰ্মীৰ। তেলেংগানাত বৃহৎ‍ ব্যৱধানত জয়ৰ পিছতে কংগ্ৰেছ নেত্ৰী ৰেনুকা সিঙৰ মন্তব্য ‘কংগ্ৰেছ একগোট হ’লে কোনো শক্তিয়েই ভাৰতত ৰুদ্ধ কৰিব নোৱাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া...

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...