এদল শিক্ষাৰ্থীয়ে আগুৰি ধৰিছে এজন শিক্ষকক

এদল শিক্ষাৰ্থীয়ে আগুৰি ধৰিছে এজন শিক্ষকক
কোনোৱে কৈছে কাইলৈ যেনে-তেনে এপাক আহিবই
এটিৰ পিছত আন এটি শিশুৱে চুমা যাঁচিছে ছাৰক

কিন্তু কিয় এনে হৈছে? চাবুৱাৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ এইজন প্ৰধান শিক্ষক প্ৰবীণ কোঁৱৰ।

আজি হেড ছাৰৰ বিদায় বেলা!

বিদায় অনুষ্ঠানত ছাৰৰ ডিঙিত গামোচাৰে উপচাই দিলে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ অফুৰন্ত মৰম আৰু চুমাৰে উপচাই বিদায় দিলে শ্ৰদ্ধাৰ শিক্ষকজনক। এগৰাকী শিক্ষকৰ ত্যাগ আৰু আজীৱন মম হৈ জ্বলাৰ সঁচা প্ৰতিদান দেখিলে চাবুৱাৰ শিক্ষক প্ৰবীণ কোঁৱৰে। কোনে কয় কৃত কৰ্মৰ ফল আন জনমত পাই বুলি! ইহ জীৱনকালতে তেওঁ অৰ্জন কৰিলে প্ৰাপ্তিৰ অমিয়া সুধা। কণ কণ শিক্ষাৰ্থীসকলে কৈ গল ছাৰ কালিলৈ যেনে তেনে এপাক আহিব দেই।

বিদ্যালয়খনত অনুষ্ঠিত হৈছিল প্ৰধান শিক্ষক প্ৰবীন কোঁৱৰ আৰু ২০১৩ চনতে অৱসৰ গ্ৰহণ কৰা‌ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নগেন চন্দ্ৰ গগৈৰো বিদায় সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানতে প্ৰিয় শিক্ষকক ফুল-গামোচা, শৰাইৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলে একোখন গামোচা পিন্ধালে এইদৰে। অভিভূত হৈ পৰিল কণমানিহঁণতৰ আপোন হেড ছাৰ।

জীৱনৰ অৰ্ধেক কাল শিক্ষকতা কৰা বিদ্যলয়খনৰ চৌহদত আঠু কাঢ়ি সেৱা ললে হেড ছাৰে। এই বিদ্যালয়খনেই যে হেড ছাৰৰ জীৱনৰ এক পাহৰিব নোৱাৰা সুঁতি। এই বিদ্যালয়খনেই যে তেওঁৰ বাবে মন্দিৰ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও সেৱা যাঁচিলে ছাৰক। ঠোকা-থোকি মাতেৰে ছাৰে কলে যাওঁগৈ। বিদায় পৰত শ্ৰদ্ধাৰ শিক্ষক গৰাকীক হাতত ধৰি আগবঢ়াই দিলে ছাত্ৰ-ছাত্ৰীয়ে। এই নিদৰ্শন প্ৰতিজন আজিৰ লৰা-ছোৱালীৰ পাথেয় হওক। জীৱনক গতি লগাই পোনাই-সজাই দিয়া শিক্ষকজনে এই মৰমকণৰ বাহিৰেনো আৰু বিচাৰেইবা কি!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...