কোকৰাঝাৰত গাৰ নোম শিয়ৰি যোৱা ঘটনা

বুধবাৰে কাহিলী পুৱাতে কোকৰাঝাৰ চহৰত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীক অচিনাক্ত দুৰ্বৃত্তই দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈ চিকিৎসাধীন হৈ আছে অভিযন্তাগৰাকীৰ পত্নী মধুমিতা চক্ৰৱৰ্তী। কোকৰাঝাৰ চহৰৰ বিধানপল্লীৰ এটা প্ৰকাণ্ড অট্টালিকাত অকলশৰে থাকিছিল দম্পতীটো। তেওঁলোকৰ কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত। মৃত্যুৰ পূৰ্বে অভিযন্তাগৰাকীয়ে এজন লোকক কৈ থৈ গ’ল শিহৰণকাৰী কথা।


কোকৰাঝাৰত গাৰ নোম শিয়ৰি যোৱা ঘটনা
অৱসৰপ্ৰাপ্ত অভিযন্তাক দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা
দুৰ্বৃত্তৰ দা-ৰ ঘাপত গুৰুতৰ ভাবে আহত পত্নী
বিশাল অট্টালিকাত অকলশৰে থাকিছিল বৃদ্ধ দম্পতী
কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত
মৃত্যুৰ আগমূহুৰ্তত অভিযন্তাৰ মুখত শিহৰণকাৰী কথা


ঘৰৰ দুৱাৰমুখত তেজৰ চেঁকুৰা
ঘৰৰ চোতালত তেজৰ চিতিকনি

বুধবাৰে কাহিলীপুৱাতে কোকৰাঝাৰৰ চহৰৰ বিধানপল্লীৰ এই বিশাল অট্টালিকাটোত সংঘটিত হৈ গ’ল গাৰ নোম শিয়ৰি যোৱা ঘটনা। বুধবাৰে পুৱা প্ৰায় ৫-৫.৩০ বজাত অজ্ঞাত দুৰ্বৃত্তই দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰি থৈ যায় ৭০ বছৰীয়া তপন চক্ৰৱৰ্তীক। সেই সময়ত শোৱা পাটিতে থকা তপন চক্ৰৱৰ্তীৰ পত্নীকো দা-ৰে ডিঙিৰ পিছফালে ঘপিয়ায় অচিনাক্ত দুৰ্বৃত্তই। এই লোমহৰ্ষক আক্ৰমণৰ ঘটনাত আহত মধুমিতা চক্ৰৱৰ্তী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। সন্দেহৰ আঙুলি উঠিছে এই জনলৈ। ঘটনাস্থলীৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা-খনো।

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা আছিল তপন চক্ৰৱৰ্তী। পত্নী মধুমিতা চক্ৰৱৰ্তী আছিল ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। কোকৰাঝাৰৰ বিধানপল্লীৰ এই অট্টালিকাটোত অকলশৰে থাকিছিল তপন চক্ৰৱৰ্তী আৰু পত্নী মধুমিতা চক্ৰৱৰ্তী। বৃদ্ধ দম্পতীটোৰ দুই সন্তানৰ কন্যা থাকে আমেৰিকাত, পুত্ৰ থাকে বাংগালুৰুত। দৈনিক ইটো সিটো সহায়ৰ বাবেও কোনো নাছিল ৭০ বছৰীয়া তপন চক্ৰৱৰ্তী আৰু ৬৫ বছৰীয়া মধুমিতা চক্ৰৱৰ্তীৰ কাষত। বুধবাৰে পুৱা সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে আহত ৰক্তৰঞ্জিত দেহেৰে চিঞৰি চিঞৰি এজনক মাতে তপন চক্ৰৱৰ্তীয়ে। তেওঁক সমস্ত কথা বিৱৰি কয় অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীয়ে। কথাখিনি কোৱাৰ পিছতে মৃত্যু হয় তপন চক্ৰৱৰ্তীৰ।

মৃত্যুৰ খন্তেক পূৰ্বে তপন চক্ৰৱৰ্তীয়ে দি যোৱা এই বিস্ফোৰক স্বীকাৰোক্তিত ফাদিল হয় এজন যুৱকৰ কথা। যুৱক এইজন। নাম শম্ভু কাহাৰ ওৰফে শীল। পেচাত ৰাজমিস্ত্ৰী শম্ভু কাহাৰ। অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ ঘৰতো ৰাজমিস্ত্ৰীৰ কাম কৰিছিল সম্প্ৰতি পলাতক হৈ থকা শম্ভু কাহাৰে। আৰক্ষীৰ সন্দেহ, কাম কৰাৰ সময়তে তপন চক্ৰৱৰ্তীৰ ঘৰত থকা ধনৰ সম্ভেদ পাইছিল শম্ভু কাহাৰে। সেই ধনৰ বাবেই শম্ভুৱে দুয়োকে হত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ, য’ত কথমপি প্ৰাণ ৰক্ষা পৰে মধুমিতা চক্ৰৱৰ্তীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...