যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

মাজুলী আৰু লখিমপুৰ সংযোগী পথ উন্নীতকৰণ প্রকল্পও পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মাজুলী ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে যোৰহাটৰ পৰা মাজুলী সংযোগী ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নিৰ্মীয়মান দলংখন পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে লোকনির্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু নিৰ্মাণ প্ৰতিষ্ঠানৰ মুখ্য অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে দলংখনৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উল্লেখ্য যে, মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট আৰু মাজুলী সংযোগী এই দলংখনৰ নিৰ্মাণকাৰ্য ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ৬৫০.০৭ কোটি টকা ব্যয় সাপেক্ষ এই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে দুয়োখন জিলাৰ মাজত প্ৰত্যক্ষ সংযোগৰ লগতে যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সম্ভৱ হৈ উঠিব।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে, বিভাগৰ বিষয়া আৰু নিৰ্মাণকাৰী সংস্থাক বাৰিষাৰ পূৰ্বে কাম-কাজসমূহ অধিক ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে লোকনির্মাণ (পথ) বিভাগৰ মাজুলী জিলা টেৰিটৰিয়েল ডিভিজনৰ দ্বাৰা মাজুলী আৰু লখিমপুৰ সংযোগী ১৯.৫৪৭ কিঃমিঃ পথ উন্নীতকৰণৰ বাবে লোৱা পথ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। উল্লেখ্য যে এই পথ প্ৰকল্পত দুখন দলং নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰে মাজুলীৰ বালিচাপৰি সংযোগী লুইত নদীৰ ওপৰত ৭০২ মিটাৰ আৰু লখিমপুৰৰ বঙালমৰা সংযোগী সোৱণশিৰি নদীৰ ওপৰত ২৮৩০ মিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ কৰি থকা হৈছে। এই প্ৰকল্পটোত মুঠ বায় হব ৬৯৪.৭৭ কোটি টকা। আনহাতে, মুখ্যমন্ত্রীয়ে নির্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ প্ৰতিষ্ঠানৰ মুখ্য অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ লগত দলংখনৰ নিৰ্মাণকাৰ্যৰ কাৰিকৰী দিশৰ বুজ লয়।

এই পৰিদৰ্শন কালত সাংসদদ্বয় প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে ভূৱন গাম, নর দলে, মানৱ ডেকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা, লোকনিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু নিৰ্মাণকাৰী সংস্থাৰ অভিযন্তা তথা কাৰিকৰী বিশেষজ্ঞসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...